Sunday, November 7, 2021

পেত-প্ৰীতিঃ

 পেত-প্ৰীতিঃ

এটা সুদীৰ্ঘ সময়ৰ ইতিহাস গৰকি অহা চিন্তা-ভাৱনা, যুক্তি-বিশ্বাস, দণ্ড-খৰিয়াল, বাক-বিতণ্ডা, বাধা-নিষেধ, অভিযোগ-প্ৰতি অভিযোগৰ অন্ত পেলাই অৱশেষত আমাৰ ঘৰত আৱিৰ্ভাৱ ঘটিলহি এটা কণমানি কুকুৰ পোৱালীৰ।
পোহনীয়া জীৱ-জন্তুৰ প্ৰতি মোৰ অত্যধিক আকৰ্ষণো নাই, বিকৰ্ষণো নাই! ষষ্ঠ শ্ৰেণীত পঢ়োঁতেই সহপাঠী বাবুলৰ (ধৰণীধৰ ৰাজখোৱা) সহযোগত, স্কুললৈ অহা-যোৱা কৰা বাটতে থকা বিমান ছাৰৰ ঘৰৰ পৰা, ছালত বগা আৰু কমলা ৰঙৰ সংমিশ্ৰণ থকা মেকুৰী পোৱালী এটা ঘৰলৈ লৈ আনিছিলোঁ। কথাটো দেউতাই বৰ ভাল পোৱা নাছিল। কিন্তু মানুহৰ উপৰিও পোহনীয়া গৰু, ছাগলী, উদঙীয়া কুকুৰ আদি অনেক জীৱ-জন্তুৱে বিচৰণ কৰি থকা ঘৰখনত সেই সামান্য মেকুৰী পোৱালীটোৱে দেউতাৰ মনোযোগ আকৰ্ষণ কৰিব পৰা একো বিশেষ ঘটনা ঘটাব পৰা নাছিল। সেয়ে আমাৰ চাৰিটা ল’ৰা ছোৱালীৰ আবুৰৰ আঁৰে আঁৰে তাই চন্দ্ৰকলা বঢ়াদি বাঢ়ি আহিছিল। ৰঙটোৰ বাবেই তাইক দেখা সকলো তাইৰ প্ৰেমত পৰিছিল। মজিয়াত পীৰা পাৰি ভাত খোৱা দিনত নিজৰ কাঁহিৰ এগৰাহ ভাত তাইৰ কাৰণেও ওচৰৰে মজিয়াত ঢালি দিছিলোঁ। মাজে মাজে চকুহাল জপাই মনপুতি চেলেকি চেলেকি তাই ভাত খাই থকা দৃশ্যটো আজিও মোৰ মনত সজীৱ হৈ আছে। ঠাণ্ডা দিনবোৰত গাত গৰম কাপোৰ এখন লৈ পঢ়িবলৈ বহোঁতে তাইও কেতিয়াবা কুচি-মুচি ওচৰ চাপি আহি কাপোৰৰ তলত সোমাইছিলহি। কেতিয়াবা ভৰি দুটাৰ মাজত গা ঘঁহাই ঘঁহাই খোৱা দিবলৈ আব্দাৰ ধৰিছিল। এটা সময় আহিছিল, আমি খাবলৈ লওঁতে ওচৰে পাজৰে মেকুৰীজনী নেদেখিলে আমাৰ ভাত-খোৱা আধাখোৱা যেন লাগিছিল। কেতিয়াবা তাই জীয়া সাপ এটা বা এন্দুৰ একোটা মুখেৰে কামুৰি আমাৰ আগলৈ ধৰি আনিছিল। এসময়ত মেকুৰীজনীৰ কেইবাটাও পোৱালী জগিছিল। পোৱালীকেইটাৰ বৰণ দেখি অনেকেই তাইক বিলাতী জাতৰ বুলি কৈছিল আৰু পোৱালীকেইটা পুহিবলৈ নিবলৈ দিবৰ বাবে আমাক খাটনি ধৰিছিল। মই কলেজত পঢ়ি থকা দিনলৈ তাইৰ বয়স হৈছিল আৰু দুৰ্বল দেখা গৈছিল। তেতিয়ালৈ আমি টেবুলত বহি ভাত খাবলৈ লৈছিলোঁ আৰু খোৱাৰ সময়ত তাইৰ সান্নিধ্যৰ অনুভৱো মোৰ মনত লাহে লাহে ম্লান পৰি আহিছিল।এদিন, কলেজ বন্ধ থকাৰ সময়ত মই ঘৰত থাকোঁতে, ওচৰতে থকা ধানখুন্দা মিল এটাৰ দাঁতিত তাইক মৃত অৱস্থাত আৱিষ্কাৰ কৰা হৈছিল। সেইদিনা মোৰ কাৰো লগত কথা পাতিবলৈ মন যোৱা নাছিল।
মা-ৰ লগত একেলগে কাম কৰা শিক্ষয়িত্ৰী গুণলতা বাইদেউৰ সহযোগত আমাৰ ঘৰলৈ এবাৰ এটা ভাটৌ চৰাই আহিছিল। কে-কে-কে শব্দৰে তাই আমাৰ ঘৰটো পুৱাৰে পৰা মুখৰ কৰি তুলিছিল। তাইৰ খাদ্যৰ বাবে ৰঙা পকা জলকীয়া আৰু বিভিন্ন ধৰণৰ বুট-মাহ আদি যোগান ধৰি আমি তাইক মাত-মাতিবলৈ শিকাইছিলোঁ। এই কামটোত আমি বৰ সফল হোৱা নাছিলোঁ। তাই আছিল বৰ নিৰ্জু প্ৰকৃতিৰ ভাটৌ চৰাই। পাখিখিনি কিছু পৰিমানে চুটি কৰি কাটি দি সঁজাটোৰ দুৱাৰখন খুলি দি আমি প্ৰমাণ চাইছিলোঁ তাই উৰিবলৈ চেষ্টা কৰিব নেকি! – নাই, নকৰিছিল। হয়তো তাই উৰিবলৈ পাহৰি গৈছিল। তাৰপিছত এটা দিন আহিছিল, ৰাতিপুৱাই সঁজাৰ দুৱাৰখন আমি খুলি দিওঁ, চৰাইটোৱে দেও দি দি চোতালত ঘুৰি ফুৰে, জপিয়াই জপিয়াই ইঠাইৰ পৰা সিঠাইলৈ যায়, তাৰপিছত আকৌ আহি সঁজাত সোমায় থাকে! তাই উৰিবলৈ সঁচাকৈয়ে পাহৰি গৈছিল। এদিন গাঁৱৰ চেৰেলা কুকুৰ এটাই তাইক ডিঙিত কামুৰি ধৰি চকুৰ পলকতে দৌৰ ল’লে। পিছে পিছে আমিও খেদা ল’লো। তাই কুকুৰটোৰ আহাৰ হ’ল। কেইবাদিনলৈও আমাৰ ঘৰখন নিৰামুহি খোৱা মৃতকৰ ঘৰ যেন ম্ৰিয়মান হৈ থাকিল।
এইয়াই মূলতঃ মোৰ পেত অৰ্থাৎ পোহনীয়া জন্তুৰ লগত থকা প্ৰত্যক্ষ অভিজ্ঞতা। ঘৰলৈ পোহনীয়া জন্তুৰ আগমণক লৈ মই বৰ চিন্তিত নহয়, ভয় লাগে প্ৰস্থানক লৈ! গাৰ ছাঁৰ দৰে লাগি থাকি এই পোহনীয়া জীৱ-জন্তুবোৰে জীৱনৰ অন্তিম ক্ষণত গৰাকীৰ পৰা বিদায় লোৱাৰ যি হৃদয় বিদাৰক বেদনাৰ সৃষ্টি কৰে সেইয়া অকল ভুক্তভোগীয়েহে উপলব্ধি কৰিব পাৰে। মোৰ মনত সৃষ্টি হোৱা এই ভাবটোত খুশৱন্ত সিঙৰ লেখাৰ প্ৰভাৱ আছে। দেশ বিভাজনৰ সময়ত হঠাতে লাহোৰৰ পৰা দিল্লীলৈ ভাগি আহিব লগা সময়খিনিত পোহনীয়া কুকুৰটোক খুশবন্ত সিঙে বন্ধু মজনুৰ কাদিৰৰ ওচৰত এৰি থৈ আহিছিল। কেইবাদিনৰ পিছত সি কেনেবাকৈ তাৰ পৰা মুকলি হৈ লাহোৰৰ পৰা দিল্লী অভিমূখে আহি থকা অৱস্থাত পথৰ দাঁতিত ধৰা পৰিছিল। চিম্বা নামৰ সেই পোহনীয়া কুকুৰটোৰ সান্নিধ্য বিৱৰণ কৰি তেখেতে তাৰ মৃত্যুৰ সময়ৰ কথাও বৰ্ণনা কৰিছে। তেখেতৰ আত্মজীৱনীৰ ১৮৮ পৃষ্ঠাৰ পৰা ১৯১ পৃষ্ঠালৈ সন্নিৱিষ্ট কৰা কথাখিনিৰ শেষৰভাগটো এনেকুৱা – “চিকিৎসক ডাক্তৰজনে মালাক (সিঙৰ জীয়াৰী) ক’লে – চিম্বাৰ গাত এতিয়া অহস্য বিষ, দুয়োখন ভৰিয়েই পেৰালাইচিছ হৈ গৈছে, আৰু বেছি সময় জীয়াই থকাৰ আশা নাই। তেওঁ মালাৰ অনুমতি লৈ এটা টোপনিযোৱা দৰৱ দিলে আৰু চিৰকালৰ বাবে চিম্বা টোপনিত ঢলি পৰিল। মই যদি মোৰ জীৱনৰ নিকট বন্ধুসকলৰ কথা ক’ব লগা হয়, চিম্বাৰ কথা আগতেই ক’ব লাগিব। আমি দুনাই কেতিয়াও আৰু কুকুৰ নুপুহিলোঁ। আচলতে প্ৰিয়বন্ধুৰ ঠাই কোনেও কেতিয়াও পূৰা কৰিব নোৱাৰে।”
মোক মোৰ ডাঙৰ ল’ৰা বাপুৱেও এটা প্ৰভুভক্ত কুকুৰৰ কাহিনী কৈ শুনালে। গৰাকী উভতি আহিব বুলি এটা ৰে’ল ষ্টেচনত ন বছৰ ধৰি অপেক্ষা কৰি কৰি মৃত্যু বৰণ কৰা (১৯৩৪ চন) হাছিকো নামৰ এটা কুকুৰৰ হৃদয়স্পৰ্শী কাহিনী। এই কুকুৰটোৱে বিশ্বৰ শ্ৰেষ্ঠতম প্ৰভুভক্ত কুকুৰৰ মৰ্যাদা পাইছে। “অৰণ্যৰ কথা” নামৰ কিতাপখনত পাইছিলোঁ, জিম কৰবেটে তেওঁৰ আত্মজীৱনীত “ৰবীন” নামৰ কুকুৰটোৰ কথা পৰম কৃতজ্ঞতাৰে লিখি থৈ গৈছে। জংঘলৰ মাজত কুকুৰটোৰ সহায়ে কেনেকৈ তেওঁক অনেক দুৰ্ভাৱনাৰ পৰা ৰক্ষা কৰিছিল তাত সেইকথাও আছে। আমাৰ বিমানকোঠত কুকুৰৰ সহায়ত আমি বিস্ফোৰক সামগ্ৰীৰ অনুসন্ধান কৰোঁ। অলপতে দহ বছৰ কামত লগোৱাৰা পিছত দুটা সুঠাম-সৱল কুকুৰক অৱসৰ দিয়া হৈছে। সুৰক্ষা বিভাগৰ সহকৰ্মীসকলে অনুষ্ঠিত কৰা এটা জাকজমকীয়া অনুষ্ঠানত মখমলৰ বিচনাৰ ওপৰত বহিবলৈ দিয়া কুকুৰদুটাক পুষ্প-বৃষ্টিৰ মাজেৰে অৱসৰ প্ৰদান কৰা হ’ল!

বন্ধু ৰাণাই (ৰাণা গগৈ) তেওঁৰ ‘“ধৰাৰ দিহিঙে-দিপাঙে’’ নামৰ কিতাপখনত সন্নিৱিষ্ট কৰা ‘“আমেৰিকাত ব্যয়বহুল এটা ব্যস্ত শনিবাৰ’” নামৰ কাহিনীটোত পোহনীয়া জন্তু আৰু গৰাকীৰ মাজত সৃষ্টি হোৱা এটা হৃদয়স্পৰ্শী সম্পৰ্কৰ কথা বৰ্ণনা কৰিছে।
মুঠতে মানুহ আৰু কুকুৰৰ সম্পৰ্ক খৃষ্টপূৰ্ব দহ হাজাৰ বছৰমান পুৰণি। বৰ্তমান সময়ত মই নিজেই দেখিছোঁ, জীৱনৰ শেষ সময়ৰ নিসংগ পৰত অনেক বৃদ্ধ-বৃদ্ধাই ওচৰ চপাই লোৱা বিভিন্ন প্ৰজাতিৰ প্ৰভুভক্ত পেত কুকুৰ, দুখ-সুখৰ দৈনন্দিন সংগী। মানুহৰ বুকুৰ মাজত ফল্গুৰ দৰে চিৰসঞ্জীৱিত হৈ থকা স্নেহ, বিশ্বাস, মৰমৰ বৃদ্ধ কালত একমাত্ৰ অৱলম্বন! মই মনে মনে ভাবোঁ, এই দৃষ্টিকোণৰ পৰা আৰু কেইবছৰমান ৰ’ব পৰা গ’লহেঁতেন নেকি!
উনবিংশ শতিকাৰ শিল্প বিপ্লৱে মানুহৰ জীৱন পৰিক্ৰমালৈ চিনিব নোৱাৰাকৈ পৰিৱৰ্তন আনি দিলে। কষ্ট কৰি কৰিব লগা কামটো মেছিনে সহজতে কৰি দিব পৰা হ’ল। প্ৰথম-প্ৰথম মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ আৱিষ্কাৰ হৈছিল। পিছলৈ সামগ্ৰীৰ আৱিষ্কাৰ কৰি লৈ মানুহৰ প্ৰয়োজন সৃষ্টি কৰা হ’ল। সমাজ ব্যৱস্থাই বস্তুবাদী (materialistic) ৰূপ পালে। বস্তুৰ লোভ আৰু আক্ৰোশে লাহে লাহে মানুহৰ চিন্তা-চেতনা আৰু অনুভূতিকো গ্ৰাস কৰি ল’লে। মানুহ বস্তুৰ বহতীয়া হৈ পৰিল। জীৱন পৰিপূৰ্ণ কৰিব পৰা প্ৰমূল্য আৰু অনুভূতিৰ অন্ত পৰিল! স্বামী-স্ত্ৰীৰ বিশ্বাসে নতুন ৰূপ পালে, সন্তানে পিতৃ-মাতৃৰ মৰম আৰু সান্নিধ্যৰ পৰা বঞ্চিত হৈ বস্তুতেই মগন হৈ পৰিল! সলনি হ’ল মাটিৰ ওপৰৰ সম্পৰ্কবোৰৰো।
প্ৰগতি আৰু প্ৰযুক্তিৰ এই বিভ্ৰান্তিকৰ দিনতো মানুহৰ হৃদয় আজিও চৰ্তহীন বিশ্বাস আৰু আস্থাৰ বাবে বিয়াকুল। আমাক প্ৰয়োজন কাৰোবাৰ, যাৰ আছে আপোনাৰ কথা শুনাৰ সীমাহীন ধৈৰ্য, যি নকৰিব অযথা তৰ্ক বিতৰ্ক অথবা মান- অভিমান, যিয়ে কৰিব নোৱাৰিব সত্যৰ অপলাপ, যিয়ে কৰিব নোৱাৰিব দিয়া আৰু লোৱাৰ চতুৰ হিচাপ-নিকাচ! যাৰ জীৱনৰ অৰ্থ হ’ব কেৱল চৰ্তহীন প্ৰেম, বিশ্বাস আৰু ভালপোৱা।
মানুহৰ জীৱনৰ এই প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পেত্ বা পোহনীয়া জন্তুতকৈ আছেনে আন কোনোবা শ্ৰেষ্ঠ? সম্ভাৱ্য মৃত্যু যন্ত্ৰণাৰ বেদনা বা বাধাতকৈ জীৱন বাটৰ সান্নিধ্য আৰু উপলব্ধি নিশ্চয় অধিক অৰ্থবহ!


No comments:

Post a Comment