Friday, December 7, 2018

Privatization of airports: pros and cons, The Assam Tribune 7-December-2018

Privatization of airports: pros and cons

Union Cabinet on 8th Nov, 2018 has approved leasing out six airports - Ahmedabad, Jaipur, Lucknow, Guwahati, Thiruvananthapuram and Mangaluru through Public Private Partnership model. Unlike previous attempts, this time the lease period is extended to 50 years with 100% private participation. Four major airports (Mumbai, New Delhi, Hyderabad and Bangaluru) were privatized in 2006 for 30 years with a provision of extending another 30 years. Only 74% private participation was allowed. Recently, Union Government had cleared 100% FDI in aviation sector, thereby, now making a smooth passage to foreign airport players to take part in Indian-airport-making. It reminds the effort of earlier UPA government in 2014 to privatize five major airports – Chennai, Kolkata, Ahmedabad, Jaipur, Lucknow and Guwahati. The effort bore no fruit then for many reasons. One, the Airports Authority of India Employees’ Union challenged the decision in Madras High Court as AAI had by then spent Rs.2000 Crore for the development of Chennai airport. Another was, no potential bidder turned up as the proposal was prepared hastily with several open points, many question remained unanswered and bidder did not find it financially viable. The utmost effort of the then Civil Aviation Minister Mr. Ajit Singh to privatize at least one airport (Lucknow) during his tenure too proved futile.
Airport privatization is not new to India. The country got its first private airport in Cochin in 1999. Fact remains that Cochin airport was an outcome without much plan and policy of the Government. Fund flew from ten thousand NRIs residing in thirty countries. Mr. V.J. Kurian, IAS, the founder Managing Director of Cochin International Airport Limited was the key person behind this venture. The Government promulgated Greenfield Airport Policy only in 2008. Airport Economic Regulatory Authority (AERA) the autonomous body to regulate tariff and other charges at private airports was set up only in 2008 following the Airport Economic Regulating Act 2008.

Benefits of privatizing airports as projected among many others are the Airport Service Quality (ASQ) and revenue generation. It is a fact that private airports in India have managed to retain the top positions in ASQ survey carried out by Airport Council International despite the challenges of “value for money”. Regarding revenue generation, PPP airports have actually turned into “golden ducks” for AAI. The revenue contributed to AAI by PPP airports is substantial. The concession agreement requires DIAL (Delhi International Airport Limited) and (Mumbai International Airport Limited) to pay 45.9% and 38.7% of their revenue to AAI. At present AAI is operating 133 airports in the country but the revenue shared by PPP airports to AAI’s total revenue is more than 30%. (2015-16: 31.2% and 2016-17: 30.6%)
How do private airport operators make money? Airport revenue is divided into two major parts- aeronautical, that comes out of aircraft movement and non-aeronautical, the revenue that does not relate directly to aircraft movement. While government operator is satisfied with meagre 10% non-aeronautical revenue, private operators thrive to enhance it to 50%. Monetizing land, commercial ventures and business at airport are the principal sources of non-aeronautical revenue. Aero city hotels near New Delhi airport, retail area at terminal 3, duty free business at Cochin airport are some of the apt examples of private operator’s endeavors.
An airport intended to be privatized should have a good revenue track record and opportunities to generate non-aeronautical revenue. None of the airports in NE Region has a good track record. All of them including Guwahati are loss making airports. Expenditure at many airports are more than double than they actually fetch. Therefore, revenue record will never attract any potential bidder to develop, manage and operate Guwahati airport, for sure. However, the hidden potential of the airport to grow as a hub in the North East can’t be overlooked.  North East requires a reliable air transport service (preferably helicopter service) to connect its cities and towns. In order to develop the hidden potential of the region, the tourism, it will be a basic requirement. No serious attempt has been taken up by the state governments yet in this regard. Besides, the NE airports can have better air connectivity with the east Asian countries to result in economic progress. Therefore, development of airports in the region are of course utmost priority.
International Civil Aviation Organization (ICAO), the global regulator estimates that every $100 investment in aviation produces $325 in other industries connected by the air transport. Similarly, creation of 100 new jobs in aviation generates 610 new jobs in other related industries. This amplifies why civil aviation is called the economic driver.
International Air Transport Association (IATA) has forecast that civil aviation market of India is reaching the top 3 position by 2020. Air passenger growth rate (Year on Year) in India is the highest in the world, more than 20% against the world average 3.8%. In terms of “air trips per capita” India remains at very low (0.04) whereas China, Brazil, Malaysia remains at 0.15, 0.25 and 0.54. In terms of population, China has 15% more than that of India but China’s domestic air passenger size is 5 times more than that of our country. India has 1 aircraft for every 2.89 million populations but corresponding population size against 1 aircraft in China, Indonesia, Philippines and Brazil are 1.14 million, 0.96 million, 0.89 and 0.63 respectively. Economic growth and introduction of low cost carriers have resulted in increase in air travel by businessmen, professionals and individuals. The middle-income group population is also rising; 160 million (13.3% of total population) in 2010 is expected to grow to 547 million (37.2% of total population) by 2025. Low Cost Carrier which made air travel affordable to common man carries now more than 67% of total domestic air passengers in India. Moreover, demographic dividend (62% of the population belongs to age group of 15-60 years) and rising urban population (By 2030, 40% of total population will live in cities) also suggest a rampant growth of aviation in India.
Of late, after adoption of the new National Civil Aviation Policy in 2016 and Regional Connectivity Scheme (RCS), the state Governments have also joined hands with the Central Government in the development of civil aviation. Kerala, Goa, Haryana, Sikkim, Mizoram, Arunachal Pradesh, Andhra Pradesh are some of the states who have participated actively. Mr. Chandrababu Naidu, the chief minister of Andhra Pradesh has set up “Andhra Pradesh Airport Development Corporation Limited” with a plan to connect all the 13 districts by air.
The main challenge of privatizing Guwahati airport still remains unchanged – finding a potential bidder. The Operator will have to work in liaison with the state authority to bring about sustainable changes in the region. Whoever gets it, will have to adopt innovative plans to make it a profitable venture. Aeronautical revenue alone will never be able to do so, right exploration of the non-aeronautical resources surely will.

অসামৰিক বিমান পৰিবহন প্ৰসংগ - Aamar Asom 6-December-2018

অসামৰিক বিমান পৰিবহন প্ৰসংগ

১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় মহাযুদ্ধই বৈমানিক প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশ সাধন কৰিছিল৷ বিশেষকৈ জেট ইঞ্জিন আবিষ্কাৰ হোৱাৰ ফলত বিমান এখনৰ আকাৰ আৰু শক্তি বহুত বাঢ়ি গ’ল৷ তেতিয়ালৈকে ব্যৱহাৰ হোৱ বিমানত সততে ব্যৱহাৰ কৰা কাঠ, প্লাষ্টিক আৰু লোহাৰ সলনি যুদ্ধৰ সময়তে কেইবাটাও ধাতুৰ সংমিশ্ৰনত এনে এবিধ মিশ্ৰ-ধাতুৰ আৱিষ্কাৰ হ’ল যাৰ ওজন তেনেই কম কিন্তু লোহাতকৈও টান, উৰাজাহাজ নিৰ্মানৰ বাবে উপযুক্ত৷ এনে এখন B-29 নামৰ জেট ইঞ্জিনৰ বিমানেই ১৯৪৫ চনৰ ৬ আগষ্ট তাৰিখে ৪৭০০ কিলোগ্ৰাম ওজনৰ পাৰমানৱিক বোমাটো কঢ়িয়াই নি আমেৰিকাই জাপানৰ হিৰোছিমা নগৰৰ ওপৰত নিক্ষেপ কৰিছিল৷ যুদ্ধৰ সময়ত অনেক বিমানৰ নিৰ্মান হৈছিল আৰু বহুলোকক পাইলট হিচাপে প্ৰশিক্ষণ দিয়া হৈছিল৷ জেট ইঞ্জিনৰ বিমান এখন মহাসাগৰ পাৰ হৈ আন এখন দেশলৈ যাব পৰাটো বিশ্বযুদ্ধৰ পিছতে সহজ কথা হৈ পৰিছিল৷ যুদ্ধৰ শেষত পৃথিৱীৰ বহুদেশে সেই বিমান ব্যৱহাৰ কৰাটো নিশ্চিত হৈ পৰিছিল৷

প্ৰথম বিশ্বযুদ্ধৰ পিছতো এনে হৈছিল৷ ১৯০৩ চনত বাইচাইকেল কাৰখানা এটাত কাম কৰা ৰাইট ভাতৃদ্বয়ে আৱিষ্কাৰ কৰা বৈমানিক প্ৰযুক্তিবিদ্যাৰ আধাৰতে “বায়ুতকৈ গধূৰ” বস্তু উৰি যোৱাটো সম্ভৱ হৈছিল৷ এই প্ৰযুক্তিবিদ্যা প্ৰথম বিশ্বযুদ্ধৰ সময়ত (১৯১৪-১৯১৮) তেনেই চালুকীয়া অৱস্থাত আছিল৷ তথাপিও বহুত বিমানৰ নিৰ্মান হ’ল৷ তেনে বিমানৰ উৰিবৰ ক্ষমতা আজিৰ তুলনাত বৰ কম আছিল৷ ইউৰোপৰ এঠাইৰ পৰা আনঠাইলৈ এনে বিমানৰ চলাচল আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত যুদ্ধত জয় লাভ কৰা দেশ সমূহৰ সংস্থা “লিগ অৱ নেচনে” ১৯১৯ চনত পেৰিছত এখন সন্মিলন পাতি এটা নতুন সংস্থাৰ জন্ম দিলে, নাম – International Commission for Air Navigation (ICAN). অসামৰিক বিমান পৰিবহনৰ নিয়ম নিৰ্ধাৰণ কৰিবলৈ জন্ম হোৱা এইটোৱেই প্ৰথম সংস্থা৷ সেই সময়ত মহাসাগৰ পাৰ হৈ বিমান যাত্ৰা কৰাটো বৰ সুলভ কথা নাছিল, সেয়ে এই সংস্থাটোৱে নিৰ্ধাৰণ কৰা নিয়ম-কানুনৰ চুক্তি পত্ৰত ১৯৪০ চনলৈকে মাত্ৰ ৩৩ খন দেশেহে স্বাক্ষৰ কৰিছিল৷  দ্বিতীয় মহাযুদ্ধৰ পিছত কিন্তু পৰিস্থিতিটো এনে হৈ নাথাকিল৷ সেয়ে, ১৯৪৪ চনৰ ৭ ডিচেম্বৰ তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুছভেল্টৰ নেতৃত্বত চিকাগো চহৰত এখন সন্মিলনৰ আয়োজন কৰা হয়৷ এই সন্মিলনখনকে “চিকাগো কনভেচন” বুলি কোৱা হয়৷ তাতে ৫২খন দেশে স্বাক্ষৰ কৰি অসামৰিক বিমান পৰিবহনৰ ক্ষেত্ৰত প্ৰত্যেক দেশেই মানিব লগা নিয়ম-কানুনবোৰ ঠিক কৰি ল’বলৈ এটা সংস্থাৰ জন্ম দিলে – International Civil Aviation Organization বা ICAO ৷  সমগ্ৰ পৃথিৱীতে অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰণ কৰিবৰ বাবে এনে এটা সংস্থা থকাটো বৰ প্ৰয়োজন আছিল৷ ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ জন্ম হ’ল আৰু ”ICAO”-তাৰ এটা বিশেষ বিভাগ হিচাপে স্বীকৃত হ’ল৷ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা ১৯৩ আৰু তাৰ ১৯১খন দেশেই এই সংস্থাটোৰ সদস্য৷ অৰ্থাৎ এই ১৯১খন দেশে উৰাজাহাজৰ ক্ষেত্ৰত মানিব লগা নিয়মকানুনবোৰ একে! এই সংস্থাটোৱে একক ভাৱে নিয়ন্ত্ৰন নকৰা হ’লে পৃথিৱী জুৰি এটা সুৰক্ষিত পৰিবহন সেৱা পোৱাটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন৷

এতিয়া অসামৰিক বিমান পৰিবহন সেৱা এটা বৃহৎ উদ্যোগ৷ ২০০৯ চনত ‘অক্সফৰ্ড ইকনমিকছে’ আমাৰ দেশত কৰা এটা অধ্যয়নত পাইছিল যে বিমান পৰিবহন আৰু তাৰ লগত জড়িত বিভিন্ন উদ্যোগে আমাৰ দেশৰ জিডিপি (GDP) বৃদ্ধিলৈ ১.৫% বৰঙনি আগবঢ়ায়৷ অসামৰিক বিমান পৰিবহন সংস্থাইও বিমান পৰিবহনৰ অৰ্থনৈতিক প্ৰভাৱ সুক্ষ্মভাৱে হিচাপ কৰি উলিয়াইছে৷ তেওঁলোকৰ মতে অসামৰিক বিমান পৰিবহনত ১০০ ডলাৰ অতিৰিক্ত বিনিয়োগ কৰিলে সেই ঠাইলৈ ৩২৫ ডলাৰৰ প্ৰগতি কঢ়িয়াই আনে৷ সেইদৰে বিমান পৰিবহনত ১০০ জন লোকৰ নিয়োগ হোৱাৰ অৰ্থ সেই ঠাইত ৬১০ টা নতুন চাকৰিৰ সৃষ্টি হৈছে৷ এইবোৰ কাৰকৰ বাবেই অসামৰিক বিমান পৰিবহনক  এতিয়া অৰ্থনৈতিক প্ৰগতিৰ বাটকটীয়া (Economic Driver) বুলি কোৱা হয়৷ উল্লেখযোগ্য যে আমাৰ দেশত বিমান যাত্ৰীৰ বৃদ্ধিৰ হাৰ এতিয়া পৃথিৱীৰ ভিতৰতেই সৰ্বোচ্ছ৷ প্ৰতি বছৰে আমাৰ দেশত ২০ শতাংশতকৈও অধিক হাৰত বিমান যাত্ৰীৰ সংখ্যা বাঢ়িব লাগিছে৷ সমগ্ৰ পৃথিৱীত এই যাত্ৰী-বৃদ্ধিৰ গড়মাপ মাত্ৰ ৩.৮ শতাংশ৷ বিমান আৰু যাত্ৰীৰ অহা-যোৱাৰ পৰিসংখ্যাৰ হিচাপ ৰখা আইআটা (IATA-International Air Transport Association) নামৰ প্ৰতিষ্ঠানটোৱে ২০১৪ চনত ভৱিষৎবাণী কৰিছিল যে এই হাৰত ভাৰতবৰ্ষত বিমান যাত্ৰী বাঢ়ি গৈ থাকিলে ২০২০ চনত আমেৰিকা আৰু চীন দেশৰ পিছতে ভাৰত তৃতীয়খন বৃহৎ ৰাষ্ট্ৰ হ’ব৷ এই বিকাশৰ লগত সমতা ৰক্ষা কৰিবলৈ
কেন্দ্ৰীয় চৰকাৰেও যৎপৰোনাস্তি চেষ্টা কৰিছে৷ ২০১৬ চনত ভাৰত চৰকাৰে জাতীয় অসামৰিক বিমান পৰিবহন নীতি (National Civil Aviation Policy, 2016) গ্ৰহন কৰিছে৷ এই নীতিৰ মূল লক্ষ্য কম দামত বিমান যাত্ৰা সকলোৰে বাবে উপলব্ধ কৰা আৰু পৰিবহন উদ্যোগৰ বিকাশ ঘটোৱা৷

অৰ্থনৈতিক প্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নতুন ঠাইত বিমান চলাচলৰ সুবিধা প্ৰদান কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে উড়ান নামৰ এখন আচঁনিও গ্ৰহন কৰিছে৷ এই আঁচনিৰ লগত ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডকো জড়িত কৰিবৰ চেষ্টা কৰা হৈছে৷ আমাৰ দেশত দ্বিতীয় মহাযুদ্ধৰ সময়তে নিৰ্মান কৰা নামত ৪৪৯ টা বিমানকোঠ আছে৷ কিন্তু সচল হৈ থকা বিমানকোঠৰ সংখ্যা মাত্ৰ ১৩৮টা৷ কেইবাখনো ৰাজ্যৰ ৰাজ্য চৰকাৰে অসামৰিক বিমান পৰিবহন বিভাগৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰি এই বিকাশত হাত উজান দিছে৷ কেৰালা, গোৱা, হাৰিয়ানা, মিজোৰাম, ছিকিম আদি সৰু ৰাজ্যসমূহেও এই কামত সক্ৰিয় হৈ পৰিছে৷ অন্ধ্ৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ৰাজ্যৰ ১৩খন জিলাত ১৩ টা বিমানকোঠ প্ৰতিষ্ঠা কৰি বিমান সেৱা সম্ভৱ কৰিবৰ বাবে “অন্ধ্ৰ প্ৰদেশ বিমানকোঠ বিকাশ নিগম” (Andhra Pradesh Airport Development Corporation Limited) গঠন কৰি লৈছে৷

চাহ আৰু তেলৰ পৰা অসম লাভাম্বিত হ’ব নোৱাৰিলে৷ তাৰপিছতো উত্তৰ-পূৱত পৰ্যটন উদ্যোগৰ যথেষ্ট সমল আছে বুলি ভবা যায় ৷ অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ বাবেই উত্তৰ-পূৱত এটা নিৰ্ভৰযোগ্য অসামৰিক বিমান পৰিবহন ব্যৱস্থা থকা উচিত৷ তাৰোপৰি উত্তৰ-পূৱৰ লগত পূৱ-এচিয়াৰ দেশসমূহৰ বিমান পৰিবহনৰ সুচল ব্যৱস্থা হলে সমগ্ৰ অঞ্চলটোৰেই অৰ্থনৈতিক ৰূপ-ৰেখা সলনি হৈ যোৱাৰ সম্ভাৱনা আছে৷ আশা কৰা হৈছে, দেশত অভূতপূৰ্ব অসামৰিক পৰিবহন সেৱাৰ বিকাশ হৈ থকা সময়তেই আমাৰ ৰাজ্য চৰকাৰেও সক্ৰিয় ভাবে আগভাগ লৈ আমাৰ অঞ্চলত এই উদ্যোগৰ বিকাশ ঘটাব৷

All India Radio Guwahati airs my Talk on 7-December-2018...

All India Radio, Guwahati Station airs my Talk on 7-Dec-2018.....

Sunday, October 7, 2018

জীৱন বাটৰ ৰসঃ বোপাই মেধিৰ বিলাই , গুৱাহাটী ১৯৯৫ (৬৮)

জীৱন বাটৰ ৰসঃ বোপাই মেধিৰ বিলাই , গুৱাহাটী ১৯৯৫ (৬৮)

বোপাই মেধিয়ে যি সময়ত ঘৰৰ পৰা ওলাই আহি গুৱাহাটীৰ কলেজত ভৰ্তি হৈছিল, সেই সময়ত গুৱাহাটীত গাড়ী মটৰৰ ভীৰ আজিৰ দৰে নাছিল৷ জালুকবাৰী চাৰিআলিয়েদি পাকটো মাৰি ডানলপ গেইটখনৰ তলেদি (ৰেলৰ চিৰিটোৰ তলেদি পাৰ হৈ যোৱা তোৰণৰ দৰে সেইডোখৰত দুয়োফালে ডানলপ টায়াৰৰ বিজ্ঞাপন থকা বাবে মানুহে সেইখনক ডানলপ গেইট বুলি কৈছিল) বাছখন যেতিয়া গুৱাহাটী মহানগৰীলৈ আগবাঢ়ে, বোপাই মেধিয়ে কনডাক্টৰক সুযোগ বুজি এবাৰ সোঁৱৰাই দিয়ে – ‘পান বজাৰত নমাই দিব দেই!’ মালিগাৱঁৰ চাৰিআলিটোত তেতিয়া কেইখনমানহে দোকান পোহাৰ-আছিল, তাৰ পিছত আকৌ উকা ৰাষ্টাৰ দুকাষ৷ সোঁ-হাতে পাহাৰৰ ওপৰত থকা ডাঙৰ শিল এটাত কোনোবাই চূণেৰে আঁকি থৈছিল তিনিটা ইংৰাজী বৰ্ণ – A.G.P. মানে অসম গণ পৰিষদ৷ আখৰ কেইটা মালিগাৱঁৰ পৰা ভূতনাথলৈকে দেখা পোৱা গৈছিল৷তাৰ সিফালেই দৃশ্যমান হৈছিল দূৰদৰ্শনৰ গগনচুম্বী টাৱাৰটো! বাওঁহাতে নীলাচল পাহাৰৰ গাত নতুনকৈ গঢ় লৈ উঠা মন্দিৰ এটা আৰু পাহাৰৰ বুকুত তালৈ উঠি যোৱা এটা দীঘল খটখটি৷ প্ৰকৃত অৰ্থত গুৱাহাটী মহানগৰী আৰম্ভ হৈছিল মাছখোৱাৰ পৰাহে! অসম ৰাজ্যিক বাছ পৰিবহন নিগমৰ সৰু আস্থানটোৰ লগতে পাব্লিক বাছ ৰখা ঠাই – মিৰ্জা, ছয়গাওঁ, নলবাৰী, পলাশবাৰী, পাঠশালা, বৰপেটা আদি ঠাইলৈ তাৰপৰা ৰং-বিৰঙৰ পাব্লিক বাছ চলিছিল৷

গুৱাহাটী মহানগৰীত ‘এ.এছ.টি.ছি’-ৰ দুটা প্ৰধান সংযোগী পথ আছিল– পাণ্ডু-নুনমাটি আৰু খানাপাৰা-পানবজাৰ লাইন৷ আগফালে নাকটোৰ দৰে ইঞ্জিনটো ওলাই থকা আৰু এবিধ প্ৰাইভেট চিটি বাছ চলিছিল৷ মাছখোৱা-অনুৰাধা-হাতীগড় চাৰিআলি, গনেশগুড়ি হৈ এটা লাইন বশিষ্ঠ পাইছিলগৈ, আনটো কাহিলীপাৰা৷ সাধাৰণ নাগৰিকৰ সুবিধা হিচাপে এইয়াই আছিল তেতিয়াৰ প্ৰধান সংযোগ ব্যৱস্থা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লতাশিললৈ চলা ইউনিভাৰচিটিৰ বাছ কেইখনমানো নথকা নহয়, কিন্তু এই সুবিধা প্ৰধানকৈ ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয়ৰ লগত জড়িত লোকৰ বাবেহে আছিল৷ ৰাতি ন বজাৰ পিছত গুৱাহাটী মহানগৰীত চিটি বাছৰ সুবিধা সেমেকি গৈছিল, দহ বজাৰ পিছত সম্পূৰ্ণ বন্ধ হৈ গৈছিল!

এইটো সেই তেনেকুৱা সময়ৰে কথা৷ পঢ়াশুনা শেষ হোৱাৰ পিছত বোপাই মেধিৰ বিমানকোঠত চাকৰি হ’ল৷ তেতিয়ালৈ কেন্টাৰ বুলি কোৱা আন এবিধ বাছেও মহানগৰত ভুমুকি মাৰিছিল যদিও চলাচলৰ ঠাই মহানগৰখনৰ মাজেতে সীমাবদ্ধ আছিল আৰু সময় ৰাতি দহ মানলৈকেহে চলিছিল৷

মেধিৰ সম্পৰ্কীয় মাহী এজনী নাৰিকল বস্তিত থাকিবলৈ আহিছে৷ একেবাৰে বেঙী, মেধিক কোলাত তুলি ডাঙৰ কৰা আজলী স্বভাৱৰ মাহী৷ এদিন সহকৰ্মী-বন্ধু গৌতম গোস্বামীক লগত লৈ দিনৰ তিনিমান বজাত মেধি গৈ কেইবাখনো বাছ, চিটি বাছ আৰু ৰিক্সা সলনি কৰি নাৰিকল বস্তিত উপস্থিত হ’লগৈ৷ মাহীয়ে কি ক’ৰো, ক’ত থওঁ কৰিলে৷ কথা নিছিগেহে নিছিগে৷ পাঁচমান বজাৰ পৰা মেধিয়ে উচপিচ কৰিবলৈ আৰম্ভ কৰিলে৷ যাওঁ বুলি ক’লেই মাহীয়ে ভেকাহি মাৰি উঠে – ‘যাবিচোন ৰ, মই নতুন কিবা এটা বনাম বুলি ভাবি আছোঁ আজি, ৰ খাই যাবি, গুৱাহাটীতেইহে থাক!’ গোস্বামীয়ে এসময়ত চকুলৈ চাই ইংগিত দিবলৈ আৰম্ভ কৰিলে – ‘সোনকালে কৰক, আৰু দেৰি হ’লে বাছ নাপাম!’ মাহীক ক’লেই কয় – ‘ৰচোন ৰ, মই কিবা নতুন বস্তু এটা বনাম আজি, খাই যাবি!’

অৱশেষত আঠ বজাৰ আগে আগে নতুন বস্তুটো খাই দুই বন্ধুৱে মাহীৰ ঘৰৰ পৰা দৌৰ লগালে৷ ৰিক্সা এখনক খাটনি ধৰি এগুণত দুগুণ ভৰি হাতীগাওঁ চাৰিআলি পালেহি৷ তাৰপিছত শেষৰখন চিটিবাছত উঠি কোনোমতে আহি মাছখোৱা বাছ আস্থানত উপস্থিত হ’লহি৷ মিৰ্জা, ছয়গাওঁৰ বাছ শেষ হ’ল – এতিয়া নাই! গোৱালপাৰালৈ চলা নৈশ বাছ ৰাতি এঘাৰ বজাত পল্টন বজাৰৰ পৰা চলে! অগত্যা দুয়ো নলবাৰীলৈ চলা বাছ এখনতে উঠি জালুকবাৰী পাবলৈ বাধ্য হ’ল৷ তাৰ পৰা পদব্ৰজে লংকেশ্বৰ! তাতে মেধিৰৰ খুড়াদেউ এজনৰ ল’ৰা জোনক ধৰি মেলি তাৰ স্কুটাৰখনতে অলপ আগবঢ়াই দিয়াৰ ব্যৱস্থা কৰা হ’ল৷ কিন্তু বিধিৰ কি বিপাক – ধাৰাপুৰ চালিআলিত পুলিচ ‘চি-আৰ-পি’-ৰ চেক-কেম্প এটা বহিছে৷ জোনে আৰু আগবাঢ়িবলৈ সাহস নকৰিলে৷ আকৌ পদযাত্ৰা! অৱশেষত ৰাতি চাৰে এঘাৰ বজাত যেতিয়া দুই বন্ধু বিমানকোঠৰ সৰু আবাসটো পাইছিলহি, তেতিয়া দুয়োটা ভাগৰত লেবেজান!

গোস্বামীয়ে ভাগৰ আৰু ক্ষোভত স্বগত্যোক্তি কৰিছিল – ‘মেধি, আৰু যাতে মাহীৰ ঘৰলৈ যাবলৈ লগ নধৰে!’

এইয়া আজিৰ পৰা মাথোঁ একুৰী তিনি বছৰৰ আগৰ অভিজ্ঞতা! আমোদজনক কথা, কি নতুন বস্তু খুৱাইছিল মেধিৰ মাহীয়েকে সেইদিনা দুই ভাগিনক – দুই মিনিটতে তৈয়াৰ কৰিব পৰা দুবাটি মেগি!

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-  

Friday, September 28, 2018

জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৬৭)

জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৬৭)

          -   “কথাত লাগিবলৈ পালেই মানুহটোৱে গোটেই ভাৰস্ত পাহৰি যায়!” খঙৰ ভমকত কেতিয়াবা পেহীয়ে উগাৰে৷

পেহাৰ কথা কোনে কি কৈছে সেই লৈ পেহাই কাহানিও মূৰ ঘমোৱা নাই৷ প্ৰত্যেকৰে প্ৰত্যেকৰ কথা কোৱাৰ, সমালোচনা কৰাৰ আৰু গুৱালগালি পৰাৰ অধিকাৰ আছে৷ নিজৰ মনৰ ভাব বেকত কৰাৰ অধিকাৰ ভাৰতৰ সংবিধানে জনসাধাৰণক দিয়া মৌলিক অধিকাৰ৷ গতিকে এনে কথাত বেয়া পাই কাৰো মৌলিক অধিকাৰ খৰ্ব কৰাৰ পক্ষপাতি পেহা নহয়৷ সেয়ে পেহা নিৰ্বিকাৰ৷ এখন তালে যিমানে যি উফৰি ফুৰিলেও বাজনা বজাব নোৱাৰে, মাত উলিয়াব নোৱাৰে! কৈ থাক!

ৰাতিপুৱাৰে পৰা পেহীয়ে কৈ আছে ডালিমক চুলি কাটিবলৈ চেন্টাৰলৈ লৈ যাব লাগে৷ চমাৰদলনিৰ কেওঁ কিছু নথকা ন বছৰীয়া ডালিম নামৰ ল’ৰাটো পেহাৰ ঘৰত থাকিবলৈ আহিছে৷ তাৰ মাক দেউতাক কাহানিবাই ঢুকাল৷ ডলাৰ বগৰীৰ দৰে বাগৰি বাগৰি সি অৱশেষত পেহাৰ হাতত পৰিছেহি৷ ঘৰৰ কামত সি কি সহায় কৰিব তাকহে এতিয়া সহায় কৰাৰ সময়! নিঃসন্তান পেহা-পেহীৰ ল’ৰাটোলৈ মৰম লাগিল আৰু তাক লগত ৰাখিবলৈ লৈ আনিলে৷ পেহীয়ে তাক স্কুললৈ লৈ গৈ ক-শ্ৰেণীত নাম লগাই দিলে৷ কেওঁ কিছু নথকা ল’ৰাটোক ক-টোৰ চুককেইটা শিকাই থ’লে আন নহ’লেও অন্তত ধৰ্ম হ’ব৷ এনেকুৱা কত হাজাৰ হাজাৰ শিশুৰ ভৱিষ্যত লোকচক্ষুৰ সমূখতে ধূলিৰ লগত মিলি গৈছে! পেহীৰো এটা লগ হ’ল আৰু ল’ৰাটোৰো এটা গতি লাগিল৷

ডালিমৰ চুলিকেইডাল বাঢ়ি গৈ গৈ এতিয়া জপৰা হোৱাদি হৈছেগৈ৷ গতিকে পেহীয়ে আজি তিনিদিনমান ধৰি পেহাক বকি আছে তাক চেন্টাৰলৈ লৈ গৈ চুলি কটাই আনিব লাগে! পাছে ক’লেই নহব নহয়, ল’ৰাটোৱে চাইকেলত উঠিবলৈ ভয় কৰে৷ মাজৰ ৰদডালত গাৰু এটা দি পেহাই এদিন চেষ্টা এটা কৰি চাইছিল কিন্তু সি কান্দোন ধৰিলে৷ সেয়ে ‘আজি নিম - কালি নিম’ কৰি থাকোঁতেই কেইবাদিনো পাৰ হৈ গ’ল৷ পাছে, দেওঁবাৰে ৰাতিপুৱাই পেহাৰ মনত এটা নতুন বুদ্ধিৰ উদয় হ’ল৷ চাউল, ধান, আঠিয়া কলৰ থোক বা বস্তাত ভৰাই লোৱা বিভিন্ন সামগ্ৰী চাইকেলখনৰ কেৰিয়াৰত ভালকৈ বান্ধি লৈ গঞাই বজাৰলৈ অনা-নিয়া কৰে৷ বান্ধটো যদি ভাল হয়, মানে বন্ধা কামটো যদি পুৰণা চাইকেলৰ টিঊৱ এটাৰে আঁতি-আঁতি কৰা হয় তেনেহলে সেইটো নপৰে, সুকলমে বজাৰ পায়গৈ৷ পেহাৰ ঘৰৰ ঢেকীশালত দুটা পুৰণা চাইকেলৰ টিউৱ এনে কামৰ বাবেই ওলমি আছে৷ ডালিমকো তেনেকৈ বান্ধি লৈ গ’লে কেনে হয়? পেহীৰ লগত পৰামৰ্শ কৰি লাভ নাই৷ গতিকে পেহাই চাইকেলৰ কেৰিয়াৰখনত প্ৰথমে এখন সৰু পীৰা লগাই ল’লে, তাৰ ওপৰতে ডালিম বহিব৷ পেহীলৈ চাই ক’লে- “তুমি চাইকেলখন ধৰা৷” ডালিমক ডাঙি ধৰি পেহাই নিৰ্দেশ দিলে, ‘নামঘৰত মাহ-প্ৰসাদ খাবলৈ বহাদি বহ, ভৰি কেৰ মাৰি৷’ তাৰ পিছত তাক ককাল আৰু উৰু সামৰি  চাইকেলখনৰ লগত নিকপকপীয়াকৈ বান্ধি ল’লে৷ –“দুখ পাইছ নেকি?” পেহাই ভেকাহি মাৰি সুধিলে৷ ডালিমে কথা কম কয়, মূৰটো জোকাৰি সি বুজাই দিলে- নাই পোৱা! আধা ঘন্টাৰ বাটহে মাথোন, হৈ যাব৷
ৰাষ্টাৰ বুজন শিলগুটি আৰু দ গাঁতৰ পৰা চাইকেলখন বচাই পেহা লাহে লাহে আগবাঢ়িল৷

চেন্টাৰটোৰ আৰম্ভনিতে “মিষ্টান্ন পান ভাণ্ডাৰ” নামৰ তামোল-পাণ আৰু মনিহাৰী মালৰ দোকানখন আছে৷ ফুড চাপ্লাইৰ গুডামঘৰটোৰ বেৰখনতে, ছাঁ পৰা ঠাইত ডালিম সহিত চাইকেলখন ক্ষন্তেক আওজাই থৈ পেহাই তামোল এখন খাবলৈ দোকান খনলৈ আগবাঢ়িল৷

-          -  “পেহা?” হঠাতে অহা মাত এটাত পেহাই উভতি চালে৷
-          - “উৱা, গংগাধৰ দেখোন! কেতিয়া আহিলি?” আৰ্মিত চাকৰি কৰি থকা গংগাধৰ সেইটো, বেজৰহোলাৰ৷ বৰণটো তাৰ আগতকৈ বগা হৈছে৷
-          “তিনিদিন হ’ল আজি৷” গংগাধৰৰ নতুন পষ্টিং হৈছে ভূপালত৷ এবছৰ সি কাৰ্গিলত থাকি আহিলগৈ৷ তাৰ পৰাই পোনে পোনে ছুটী কটাবলৈ এতিয়া ঘৰলৈ আহিছে৷ আৰ্মিত আকৌ ছুটী কটোৱাটো বাধ্যতামূলক নহয়! জুট মিলত কিন্তু তেনে নাছিল, ছুটীবোৰ জমা হৈ গৈ থাকিছিল!
-          “চাহ একাপ খাই লওঁ, আহ৷” গঙাধৰৰ পিছে পিছে পেহা ভকতৰ চাহদোকানলৈ আগবাঢ়িল৷ তাতে আহি লগ লাগিলহি তিলক আৰু ভৱেশ্বৰ৷ তিলক গঙাধৰৰ লগত একেলগে পঢ়া৷ কথা গৈ গৈ অৱশেষত পেহাই মৰাপাট কলত চাকৰি কৰি থাকোঁতে লগ পোৱা নহাত দীঘল ঢেকীয়াপতীয়া বাঘটোৰ কথাত পৰিলগৈ৷ কি প্ৰকাণ্ড বাঘ! লুঙলুঙীয়া বাটটোৰ মাজে মাজে ৰজা অহা দি আহি আছে৷ পেহাহঁতৰ পাঁচটা ওভোটাফালৰ পৰা পাতি চাইকেল লৈ…৷

       চাইকেলৰ কেৰিয়াৰত বান্ধ খাই চাপ্লাই অফিচৰ বেৰত ভেজা লৈ থকা ডালিমৰ গাত ৰ’দ পৰিবলৈ আৰম্ভ কৰিলে৷ লৰচৰ কৰাৰ অকণো উপায় নাই৷ প্ৰথমে সি কিছু সময় উচপিচাই আছিল, তাৰপিচত উচুপিবলৈ আৰম্ভ কৰিলে৷ এসময়ত সেই উচুপনি কান্দোনলৈ সলনি হ’ল৷ তাৰ পিছত চিঞৰি চিঞৰি কান্দোন৷ এজন দুজনকৈ মানুহ গোট খাবলৈ আৰম্ভ কৰিলে৷ কোন ল’ৰা, কাৰ ল’ৰা, বান্ধি থৈছে কিয়, ধৰিব পাৰিছনে আদি প্ৰশ্নৰে মানুহৰ জুম এটাই চাইকেলখন আগুৰি ধৰিলে৷ ইফালে ডালিমে চিঞৰি চিঞৰি গছৰ পাত সৰাইছে৷ এনেতে এটা ল’ৰাই পেহাৰ চাইকেলখন চিনি পালে! আন এটা দৌৰিল ভকতৰ দোকানলৈ!
      বাঘটো দেখিয়েই পেহাহ’তে ওভোটাই বাট ল’লে৷ আগে আগে পেহাহ’তৰ দলটো, পিছে পিছে বাঘটো৷ চাইকেল কেইখন তলতে পেলাই থৈ লৰালৰিকৈ পেহাহ’ত ওখ পাকৰি গছ এজোপাৰ ওপৰলৈ উঠি গ’ল৷ ওপৰত পাঁচটা ডেকাল’ৰা, তলত নহাত দীঘল ঢেকীয়াপতীয় বাঘ! এহাতমান দীঘল জিভাখন উলিয়াই চাইকেলৰ মুঠিয়াৰবিলাক চেলেকিবলৈ লৈছে!..
-          “পেহা, পেহা, পেহা, আপোনাৰ চাইকেলত ল’ৰা এটা বান্ধি থোৱা আছে, বেগাই আহক৷”
কাহিনীৰ ক্লাইমেক্সতে অবাঞ্চিত সমাচাৰে পেহাক বিৰক্ত কৰিলে৷ কাহিনীৰ গতিত যতি নেপেলোৱাকৈয়ে পেহাই উত্তৰ দিলে – “গৈ আছো বুলি ক গৈ যা৷”

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-

Saturday, September 22, 2018

জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৬৬)

জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৬৬)

পেহাৰ ৰাতিপুৱাৰে পৰা খং উঠি আছে৷ খং উঠিলে মানুহটোৱে কথা-বতৰা বৰকৈ নকয়, জুপুকা মাৰি বহি থাকে৷ সেই সময়ত বেছিকৈ মাতবোল কৰি থাকিলে পেহাই কেতিয়াবা গেঙেৰি মাৰিও উঠে৷ সেয়ে তেনে সময়ত পেহীয়ে বৰকৈ আমনি কৰি নাথাকে৷ থাওক, খং জামৰিলে নিজে নিজেই ঘাঁই সুঁতিলৈ উভতি আহিব! আজিকালি সমাজ-বিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে পুৰুষৰ মানসিক চাপ বেছি হলে বা খং উঠিলে তেওঁলোকে অকলে থাকিব বিচাৰে৷ পেহীয়ে কথাটো তেতিয়াই জানিছিল যেন লাগে৷ বিজ্ঞানে এতিয়া আৰু কৈছে যে নাৰীৰ ক্ষেত্ৰত কিন্তু কথাটো একে নহয়৷ মানসিক চাপ বৃদ্ধি হলে বা খং উঠিলে নাৰীয়ে তেনে সময়ত সেই অনুভৱ আনৰ লগত সমবিতৰণ কৰিব খোজে৷ সেয়ে তেওঁলোকে খঙাল অৱস্থাত ঘন্টাৰ পিছত ঘন্টাৰ কথা পাতি কটাব পাৰে৷ কথাটো হবও পাৰে, কাৰণ পেহীৰ খং উঠিলে উচাত মাৰি গাত চাদৰ এখন মেৰিয়াই পেহী ঘৰৰ পৰা গো-গোকৈ ওলায় যায়৷ চুবুৰীটোৰ সিটোমূৰত পেহীৰ সম্বন্ধীয়া বায়েক ভোগিলা জেঠাইৰ ঘৰ৷ গোটেই দিনটো পেহী তাতে থাকে, তাতে খায়৷ পেহাই জানে জেঠাইৰ আগত এতিয়া পেহীয়ে গোটেইখিনি বাকিব৷ সেয়ে দিনটোৰ জঞ্জালবোৰ পেহাই তেনেকুৱা দিনত নিজৰ ডিঙিতে আঁৰি লয়৷ সন্ধিয়ালৈ গৰুজনী বা গৰুহাল এৰালৰ পৰা আনিবলৈ যাওঁতে ওভটা বাটত পেহা আহি জেঠাইৰ ঘৰত সোমায়, বাৰান্দাৰ চকীখনত বহি লৈ একান্তমনে পাগুলি পাগুলি পাত চাধা দি লোৱা তামোলখন মুহুদি লগাই খায়, আমেজত কেতিয়াবা চকুদুটা বন্ধ হৈ যায়, তাৰ পিছত চোতালৰ কাপোৰমেলা  ৰছীডাল বান্ধি থোৱা খুটাটোত পিকখিনি পেলাই গহীনকৈ মাতে – আহ্‌৷ পেহী পুৰুককৈ ভিতৰৰ পৰা ওলাই আহে৷ দিনটো এই বমভোলা মানুহটোৰ চৈধ্যগোষ্ঠী উজাৰি থাকি এতিয়ালৈ পেহীৰ মনটো শান্ত হৈ পৰে পেহাৰ প্ৰতি দৰদৰে অন্তৰখন ভৰি পৰে৷ পিৰালিৰ পৰা চোতালত ভৰি দিয়েই ‘তৃতিয় পুৰুষ’ ব্যৱহাৰ কৰি পেহীয়ে প্ৰথম প্ৰশ্নটো সোধে – ‘দিনত কিবা খোৱা-বোৱা হ’ল জানো ?’ শিলৰ ৰাস্তা৷ গাড়ী মটৰ চলা লিকদুটা সামান্য দ, তাত শিলেৰে ভৰি থাকে, তাৰ ওপৰেদি খোজকাঢ়ি যাব নোৱাৰি৷ দুয়ো দাঁতি আৰু মাজডোখৰত শিলৰ প্ৰকোপ কম৷ শিলৰ লিকটোৰ ওপৰেদি চাইকেলখন ঠেলি ঠেলি পেহীৰ সোঁহাতে একেশাৰিতে গাত গা লগাই কথা পাতি পাতি পেহা-পেহীক আহি থকা এই দৃশ্যটো দেখিলে কোনেও ক’ব নোৱাৰে যে আজি ৰাতিপুৱা দুয়োৰে মাজত এখন থৈয়া-নথৈয়া লাগি গৈছে৷ পুনৰ মিলনৰ আনন্দত ডাঙৰ ডাঙৰ শিলগুটিৰ ওপৰত হেন্দোলনি খাই খাই গৈ থকা পেহাৰ পুৰণি চাইকেলখনেও যেন দেও দি দি নাচিবলৈ ধৰে৷ সন্ধিয়া ডবা কোবোৱাৰ আগে আগে পেহা-পেহী দুয়ো মূল সূঁতিলৈ উভতি আহে আৰু ঘৰত দৈনিক পৰিক্ৰমাৰ আকৌ পুনৰাম্ভনি হয়৷

আমাৰ অঞ্চলটোত দুপৰীয়া আৰু গধূলি হৈছিল গোঁসাই ঘৰৰ ডবা কোবোৱাৰ শব্দত৷ প্ৰতিটো দিনটোৰ অগ্ৰসৰ কেইবাখনো গাৱঁৰ গঞাক নিখূঁটভাবে জনাই আছিল গোঁসাইঘৰৰ পৰা ভাঁহি অহা ডবা কোবোৱাৰ শব্দত৷ তেতিয়াৰ দিনত মানুহৰ ঘৰে ঘৰে ঘড়ী নাছিল৷ আমাৰ ঘৰতো দিনৰ বেলা আইতাই আমাক সময় সোঁৱৰাই দিছিল ছাঁ চাই৷ – “ছালৰ ছাঁ-ই মাটি চুলে, এতিয়াও তহঁতে গা ধোৱা নাই?” অৰ্থাৎ, পূৱফালে মুখ কৰি থকা পাকঘৰটোৰ ওপৰেদি বেলিটো পাৰ হৈ এসময়ত পশ্চিমলৈ অগ্ৰসৰ হয়, তেতিয়াই ছালৰ ছাঁ আহি পিৰালিত পৰেহি৷ পিৰালিৰ পৰা ছা মাটিলৈ নামিল মানে বেলি ভাটি দিলে৷ ডাৱৰীয়া বতৰত বেলিৰ ছাঁ নোলায়, তেতিয়া সময়টো সোঁৱৰাই দিয়ে গোঁসাই ঘৰৰ পৰা ভাঁহি অহা ডবা কোবোৱাৰ শব্দই৷ পূৱা আৰু গধূলি সময় লেখি লেখি ইমান নিখূঁটকৈ অকণমামাই কেনেকৈ ডবা কোবাইছিল মই আজিও ভাবিলে আচৰিত হওঁ৷ সন্ধিয়া ডবা কোবোৱাৰ শব্দ ভাঁহি আহিল মানে দিনটোৰ শেষ হৈছে, ৰাতি আৰম্ভ হ’বৰ হ’ল৷ ডবাৰ মাতৰ লগে লগে আইতাই ভগৱানৰ নাম উচ্চাৰণ কৰে – ৰাম কৃষ্ণ প্ৰভু! যাহ্‌ তহ’ত পঢ়া শুনাত লাগগৈ!

আজি পাছে পেহাৰ পেহীৰ লগত কিবা লাগি  খং উঠি থকা নাই, কাৰণটো অলপ বেলেগ, সামাজিক৷ পেহাৰ ঘৰৰ সমূখতে খনাজান নামৰ বিলখন আছে৷ সেইখনৰ চাৰিওফালে কাঠৰ জেওঁৰা এখন দি তাৰ ওপৰত চূণ সানি সমবায়ে ঠিক কৰিলে যে এইবাৰ এইখন ডাকত দিয়া হব৷ গেৰুৱাবাৰীৰ মুকুন্দ মাষ্টৰ নামতহে মাষ্টৰ৷ মাষ্টৰৰ দৰমহা কেইটাৰে নচলে বুলি মনে প্ৰানে বিশ্বাস কৰা মুকুন্দই সৰু সৰু ঠিকা-ঠুকলি কৰি “চাইদ-ইনকম” কৰে৷ ডাকত বিলখন মুকুন্দ মাষ্টৰে পালে৷ বিলখনত মুকুন্দই হেনো ওঠৰশ টকাৰ পোনা মাছ এৰিছে৷ এবছৰৰ পাছতে পোনা মাছবোৰৰ আকাৰ দুই-তিনি কিলোগ্ৰাম হ’বগৈ৷  পাছে অসুবিধা হ’ল তেওঁ থাকে ন মাইল আঁতৰত৷ বিলখন আছিল ওচৰৰ গাওঁকেইখনৰ বাসিন্দাসকলৰ মাছ-পুঠিৰ বাবে থকা প্ৰথম আৰু প্ৰাথমিক সুবিধা৷ মুকুন্দই নতুনকৈ কামত লগোৱা ওচৰৰে ডেকা লৰাদুটাই এতিয়া সকলোকে সাৱধান কৰি দিছে – খবৰদাৰ, বিলত জাল-জুলুকি নচলিব, আনকি কোনেও বৰশীও বাব নোৱেৰে! তলে তলে ডেকাল’ৰাবোৰ গৰম – জাল বাৰু নামাৰোঁ, কিন্তু আবেলি- আবেলি বৰশী টোপোৱাটোতনো জগৰ লাগিব লাগেনে! কথাটো ল’ৰাকেইটাই আহি পেহাক ক’লেহি৷ সিহঁতে সমবায়ৰ সভাপতিৰ ওচৰলৈ যায়েই – নালাগে ৰাস্তাত লাইট আমাক, বিলখনৰ টকা ওভোতাই দিয়ক মুকুন্দক! কথাটো শুনি পেহাও জাঙুৰ খাই উঠিল, -‘ হয়তো টকা-পইচাৰ পিছত পৰি স্থানীয় ৰাইজক এই সামান্য সুবিধাটোৰ পৰা বঞ্চিত কৰাটো অন্যায় হৈছে৷ দ পানীত কি মাছ পোহ পোহ, কিন্তু দাঁতিত ৰাইজৰ বৰশী  বোৱাৰ অধিকাৰটো অক্ষুন্ন থাকিব লাগে৷’
-          ‘সিহঁতদুটা আহিলে মোৰ ওচৰলৈ লৈ আহিবি৷ এতিয়া যা৷’ পেহাই ফি-ফিয়াই অহা ডেকাকেইটাক ওভোতাই পঠালে৷

সন্ধিয়ালৈ পেহাৰ খঙটো কমিল, ল’ৰাদুটা কিন্তু সেইদিনা নাহিল৷ আহিল তিনিদিন পিছত৷ পেহাই সিহঁতক বহুৱাই প্ৰথমে তামোল চাহ খুৱাই ল’লে , নিজেও তামোল এখন মুখত সুমুৱাই পাগুলি পাগুলি মুহুদি উঠাই চকুদুটা বহুত সময় বন্ধ কৰি মনে মনে থাকিল৷ তাৰ পিছত লাহে লাহে আদালতত বিচাৰকে ৰায় শুনোৱাৰ সুৰত আৰম্ভ কৰিলে – ‘বুইছ, যোৱাবছৰ মই কাজলী গাইজনী বেচিলোঁ, ঘাঁহি গাৱঁ ব্ৰাহ্মণ পৰিয়াল এটাই কিনি নিলে, এতিয়া তাতে আছে৷ আমাৰ ওচৰৰে দিগম্বৰে বাৰিৰ আমগছ এজোপা নাগশংকৰৰ ধনী মৌজাদাৰক বেছিলে, মৌজাদাৰে ছটা বনুৱা লগাই কাটি ফালি টেক্টৰত উঠাই লৈ গ’ল৷ শুনিছোঁ, মুকুন্দই হেনো বিলখন কিনিলে, তাক ক’বি যিমান সোনকোলে পাৰে বিলখন সি লৈ যাওঁক৷ নিনিয়ালৈকে আমাৰ ল’ছালিহ’তে বিলৰ পাৰত খেলাধূলা কৰিবই আৰু বৰশী বাবই৷ এবাৰ লৈ গ’লেইতো সকলো শেষ৷ মুকুন্দক এবাৰ মই লগ পাম বুলি কবি যাহ্‌!’

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-

Sunday, September 16, 2018

জীৱন বাটৰ ৰসঃ মুকুন্দ খুৰাৰ মাক জেঠাই (৬৫)

জীৱন বাটৰ ৰসঃ মুকুন্দ খুৰাৰ মাক জেঠাই (৬৫)

মুকুন্দ খুৰাৰ মাকক আমি জেঠাই বুলি মাতিছিলোঁ৷ চন্দ্ৰপেহাক যেনেকৈ সৰু বৰ সকলোৱা পেহা বুলি মাতে, জেঠাইৰ ক্ষেত্ৰটো কথাটো আছিল তেনেকুৱাই৷ তথাপিও এটা ডাঙৰ পাৰ্থক্য আছে, পেহা মাতটোৰ লগত মৰম, শ্ৰদ্ধা আৰু কিছু হাঁহিৰ  প্ৰলেপ নিহিত থাকে কিন্তু এই জেঠাইৰ ক্ষেত্ৰত কথাটো আছিল ওলোটা, মাতটোৰ লগত জড়িত আছিল লোকৰ প্ৰচণ্ড বিৰক্তি ৷ ইয়াৰ বাবেও প্ৰধানকৈ দায়ী আছিল জেঠাই নিজেই৷ তেওঁ যদি এখনৰ পিছত এখনকৈ দুখন ঘৰ ফুৰি আহিছে তেতিয়াহলে তেওঁলোক দুঘৰৰ মাজত দুৰ্বাদল কাজিয়া এখন লগাটো একপ্ৰকাৰ খাটাং৷ মুখখন মিঠা যদিও এঘৰৰ কথা সিঘৰত লগোৱাত জেঠাইৰ সমকক্ষ এতিয়ালৈকে আমাৰ অঞ্চলটোত ওলোৱা নাই৷ তাৰোপৰি নিৰক্ষৰ গঞাই বিশ্বাস কৰিছিল যে জেঠাইৰ দৃষ্টিত নজৰ লাগে৷ এবাৰ এঘৰত গৈ হেনো অমিতা এজোপালৈ চাই জেঠাইয়ে স্বগঃতোক্তি কৰিলে – “বাঃ, ধুনীয়া ধুনীয়া অমিতা লাগিছে ঔ!” জেঠাই গৈ পদূলিমূৰ নাপালেগৈয়ে, জৰজৰকৈ আটাইগাল অমিতা গছৰ পৰা সৰি পৰিল! এনেকুৱা ঘটনা “মই নিজেই দেখি আহিছো” বুলি দাবী কৰা লোকো আমাৰ অঞ্চলটোত আছে৷ নিমাই মণ্ডলৰ ঘৰত এদিন ৰাতিপুৱাই ভৰি দি জেঠাইয়ে দেখিলে মণ্ডলে কাজলী গাইজনী খিৰাবলৈ লৈছে৷ “মণ্ডল, গাখীৰ ওলায় নে?” জেঠাইয়ে মাত লগালে৷ মণ্ডলে কওঁ-নকওঁকৈ ক’লেঃ “এই ল’ছালি কেইটাৰ মুখত টোপালটো পৰিল কি নপৰিল জোখত পাই আছো জেঠাই!” সেইদিনাই আবেলিলৈ গাইজনীৰ পেট ফুলা আৰম্ভ হ’ল, দুদিন পিছত শেষ! জেঠাইৰ দৃষ্টিত কিমান লাওঁ কোমোৰা চাঙৰ পৰা সৰি পৰে তাৰ লেখ-জোখ নাই৷ এইবোৰৰ বেছিভাগেই শুনা কথা, মাজে মাজে একোজনে দেখা বুলিও দাবী কৰে! অঞ্চলটোৰ লোকসকলৰ ঘৰত সেয়ে বাৰিত কৰা খেতিবোৰত পকা লাওঁ এটাৰ গাত চূণেৰে “নজৰ নলগাব” বুলি লিখি দিয়া হৈছিল৷ মূল উপলক্ষ্য আছিল মুকুন্দ খুৰাৰ মাক জেঠাই৷

কিবা অজ্ঞাত কাৰণত জেঠাইয়ে মোক মৰম কৰিছিল৷ “ঐ ভোলাৰ পুতেক” বুলি মোক তেখেতে প্ৰায়েই ঘৰলৈ মাতি নিছিল৷
মাক-পুতেক থকা সেই ঘৰখনলৈ সততে মানুহ কোনো নগৈছিল৷ তেওঁলোকৰ ঘৰৰ পদূলিত থকা খাজুৰি জোপাৰ সোৱাদ আছিল অনুপম কিন্তু জেঠাইৰ সদায় দৃষ্টি পৰাৰ পিছতো সেইয়া কেতিয়াও সৰি পৰা নাছিল৷ বোৱাৰী পূৱাতে উঠি জেঠাইয়ে খৰাহী এটাত পকা-পকা খাজুৰিবোৰ গোটাই থৈছিল আৰু মই গ’লে গোটেই খৰাহীটো মোৰ আগলৈ উলিয়াই দিছিল৷ ঠিক তেনেকৈ আম, মধূৰী আম, আনাৰস আদিৰো মই নিসংকোচ ভাগ পাইছিলো আৰু ক’ব নোৱাৰাকৈয়ে জেঠাইৰ প্ৰতি মোৰ মনত শ্ৰদ্ধা আৰু মৰমে ঠাই পাইছিল৷

জেঠাইক মই মনত ৰাখিছোঁ আন এটা কাৰণত৷

এসময়ত জেঠাইৰ ঘৰলৈ বেলটেক কম্পেনীৰ এটা টেলিভিছন আহিছিল৷ কোনেও আমনি নকৰে বাবে তাতে গৈ মই কেতিয়াবা টেলিভিছনটোৰ আগত বহি থাকোঁ৷ জেঠাইয়ে টেলিভিছনটোত যি ওলায় তাকে চায়৷ “চাছ ভি কভি বহু থী” নামৰ চিৰিয়েলখন চলি থকা সময়তে এদিন মোক জেঠাইয়ে সুধিলে – “ভোলাৰ পুতেক, মই হিন্দী ক’ব পাৰিম নে ঔ?” মই উৎসাহ দিলোঁ – “পাৰিবতো জেঠাই, কিয় নোৱাৰিব, আপুনি আৰম্ভ কৰকচোন!” জেঠাই তেতিয়া সত্তৰৰ উৰ্ধত৷  
এদিন চিৰিয়েল চাই থাকোঁতেই মই গৈ ওলালোঁ, জেঠাইয়ে হিন্দীতে মোক ক’লে – “হিয়া বৈঠ!”  মই বুজি নাপালোঁ আৰু কি কৈছে সুধিলোঁ৷ জেঠাইয়ে ক’লে – ইয়াতে বহ বুলি হিন্দীতে কৈছোঁ!

এদিন সাধাৰু মেলালৈ মুকুন্দ খুৰাই জেঠাইকো লৈ গৈছিল৷ সেইখন মেলালৈ হিন্দীভাষী পোহাৰী অনেক আহে৷  জেঠাই গৈ তেনে এখন দোকানত কাপোৰ কিনিবলৈ সোমালগৈ৷ চাদৰ এখন পিটিকি পিটিকি জেঠাইয়ে ক’লে – “বেলেগ কালাৰ দেখাঔ৷” পোহাৰীয়ে ক’লা বৰণৰ আন এখন চাদৰ জেঠাইৰ আগলৈ উলিয়াই দিলে৷ জেঠাইয়ে এইবাৰ গাৰ জোৰ দি চিঞৰিলে – “বেলেগ কালাৰ দেখাঔ!” পোহাৰী ত্ৰস্তমান – কি কয় বুঢ়ীয়ে৷ শেষত মুকুন্দ খুৰাই দোকানীক বুজাই দিলে – বেলেগ মানে ব্লেক নহয়, আউৰ কুছ! জেঠাইয়ে মুখৰ ভিতৰতে ভোৰভোৰালে – কটা নিধক্‌, হিন্দীও নুবুজে!

এবাৰ গোপিনী কেইগৰাকীমান বুঢ়াবাবা থানলৈ ওলাল৷ সেই সময়ত অসমৰ পৰিস্থিতি অশান্ত হৈ আছিল আৰু ঠায়ে ঠায়ে সৈন্য বাহিনীৰ তালাচী চকী কিছুমান বহিছিল৷ সেই জোৱান বিলাকৰ কিছুমানে সহজ সৰল অসমীয়ালোকক পালে পেংলাই কৰিছিল আৰু মানসিক উৎপীড়ণ চলাইছিল৷ জেঠাইহ’ত পুৱাতেই লগত কোমল চাউল আৰু বুটৰ টোপোলা এটা লৈ মুকলি মনেৰে থানলৈ যাত্ৰা আৰম্ভ কৰিলে৷ পাছে বাটতে অস্থায়ী তেখেতসকল তালাচী চকী এটাৰ সন্মূখীন হ’ল৷ লাঠি ডাঙি গাঠলু চেহেৰাৰ জোৱান এজন আগবাঢ়ি আহিল আৰু কোমল চাউলৰ টোপোলাটোলৈ লাঠি টোঁৱায় সুধিলে – ক্যা হেই?

চিৰিয়েল চাই চাই পকি থকা জেঠাই আগবাঢ়ি আহিল আৰু হিন্দীতে ক’লে – “কোমল চাউল হেই, খাতা পাতা হেই কোনোদিন, বুট চাথ, জাহাজী কল চাথ?”

 জেঠাই নোহোৱা হোৱা দহ বছৰৰো অধিক হ’ল কিন্তু তেখেতৰ মুখত শুনা হিন্দী মোৰ আজিও মনত আছে৷

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনী  সৃষ্টি মাজনীৰ, মানে ৰুপালীম বৰাৰ ৷ তাই আজিকালি নিজেই সুন্দৰ কাহিনী লিখিব পৰা হৈছে৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-

Anmol Speaks at national level Debate Competition in Ahmednagar, 15-Sep-18

‘আৰ্মি ৱেলফেয়াৰ এডুকেচন চছাইটি’ নামৰ অনুষ্ঠানটোৱে আৰ্মি স্কুল আৰু কেন্দ্ৰীয় বিদ্যালয়সমূহৰ মাজত কেইবাও ভাগত (league) ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতি়যোগিতাৰ আয়োজন কৰে৷ সৰ্বভাৰতীয় পৰ্যায়ত কৃতকাৰ্যতা লাভ কৰা দল সমূহে সৈন্য-বাহিনীৰ বাহিৰেও আন স্কুলসমূহৰ বিজয়ী প্ৰতিযোগীসকলৰ লগত সৰ্বভাৰতীয় পৰ্যায়ত এনে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে৷
বাপু (আনমোল), মানে আমাৰ ডাঙৰ ল’ৰাটোৱে গোলকোণ্ডা আৰ্মি স্কুলৰ পৰা এটা ভাগত ক্ষেত্ৰ-ভিত্তিত (regional level) প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰি (৪ আগষ্ট, ২০১৮) সৰ্বভাৰতীয় প্ৰতিযোগিতাত অংশ গ্ৰহন কৰাৰ সুবিধা পাইছিল৷ এইটো প্ৰতিযোগিতা ১৫ চেপ্তেম্বৰ, অৰ্থাৎ কালি মহাৰাষ্ট্ৰৰ আহমেদনগৰ নামৰ ঠাইত অনুষ্ঠিত হৈছিল৷

কেইদিনমানৰ আগতে মই অফিচৰ কামৰ মাজত ব্যস্ত থকা সময়তে আনন্দত অধীৰ হৈ সি ফোন কৰি কৈছিল – “আমাৰ টপিকটো আজি এইমাত্ৰ পালোঁ, কেৰেলাৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণটো মানুহে সৃষ্টি কৰা, মই এই বিষয়টোৰ ওপৰত ক’ব লাগে৷” কি কাকতালীয় সংযোগ! দুৰ্যোগৰ এই গোটেই সময়খিনি মই কেৰালাত বাস কৰিছিলোঁ! লগে লগে মই তাক গেদগিল প্ৰতিবেদনৰ কথা, বাতৰি কাকতৰ খবৰ কিছুমান, আৰু ডেম-৯৯৯ চিনেমাখনকে আদি কৰি এডৰা গাই শুনাই দিলোঁ আৰু ক’লো, এই দুৰ্যোগটোযে ‘মেন-মেড্‌’ তাত মোৰ অলপো সন্দেহ নাই!  সেইদিনাই আবেলিলৈ আকৌ তাৰ ফোন, হতাশা-ভৰা মাত, সি হেনো বিষয়টোৰ বিপক্ষে ক’ব লাগিব, অৰ্থাৎ সি কথাৰে প্ৰতিপন্ন কৰিব লাগিব যে এই দুৰ্যোগ আছিল প্ৰাকৃতিক, মানুহৰ কাম-কাজ ৰ লগত এই ঘটনাৰ কোনো লেন-দেন নাই! কেনেকৈ আগবঢ়া যায় সি কোনো উৱাদিহ পোৱা নাই! মই ক’লো – হেৰৌ, তৰ্ক প্ৰতিযোগিতা সঁচা-মিছা সত্যাপন কৰাৰ ঠাই নহয়, শব্দ আৰু বাক-পটুতাৰ প্ৰদৰ্শনহে ইয়াৰ মূল লক্ষ্য, ‘নহয়’-ক ‘হয়’ কৰাতহে আচল কৃতিত্ব!
হয়, সি আকৌ প্ৰথম পুৰস্কাৰটো পাবলৈ সক্ষম হ’ল৷ দলগত ভাবে সিহঁত তৃতিয় হোৱাত এতিয়া আৰু সিহঁতে আন বিভাগ আৰু স্কুলৰ পৰা বিজয়ী হৈ অহা সকলৰ লগত আকৌ তৰ্কযুদ্ধত লিপ্ত হোৱাৰ সুযোগ এইবাৰলৈ নাপায়৷ সি কি কৈছিল তলৰ লিংকটোত সময়-সুবিধা হলে শুনিব পাৰে –

AWES- Army Welfare Education Society organizes several competitions in multiple leagues among the students of Army Public Schools and KVs.  Winners among them subsequently compete with other schools at national levels.

Bapu (Anmol), our elder son represented Army Public Schools, Golconda and won the regional level (cluster level) on 4th Aug and went ahead to take on his competitors at national level on 15th instant, yesterday! It was held at Ahmednagar, Maharashtra.

A few days ago, during my office work he rang me up and told very enthusiastically that the topic had come from Head Quarter and he had to speak on the subject– “the Kerala flood is a man-made consequence!” What a coincidence,  I have been in Kerala throughout the disastrous time and instantly gave his a list of examples referring the Gadgil Reports, news report reference and the movie Dam-999.  I reassured him that it was indeed man-made. The same evening a very upset, timid Bapu spoke to me and said he had to speak against the motion to establish that it was in fact a natural disaster, man had nothing to do! And, he is clueless, how to proceed! I inspired him – here was the chance to prove your intellect. Debate competitions are games of words & elocution, not of facts & figures! Give a try!

Yes, he bags the “Best Speaker” prize against the motion. However, as a team, they stood third losing the chance of taking on winners of other leagues and schools. You may hear him at: 

Saturday, September 8, 2018

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬৪)

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬৪)

মৌজাদাৰৰ ঘৰৰ সিপাৰেই কান্ধুলিমাৰী বিলখন৷ বাৰিষা কালত বিলখন ফেনেফোটোকাৰে উপচি পৰে৷ তেনেকুৱা দিনত পেহাই প্ৰায়েই তাত লাঙি জাল পাতিবলৈ যায়৷ সন্ধিয়াতে পাতি থৈ অহা জালখন পিছদিনা দোকমোকালিতে গৈ পেহাই টানি পাৰলৈ উঠায়। জালখনত ফিন্দ খাই শাৰী শাৰীকৈ মাছ লাগি আহে – কাৱৈ, মাগুৰ, শিঙি, কেঞা বৰালি, গৰৈ, শ’ল, কান্ধুলি আদি হৰেক ৰকমৰ মাছ৷ কাৱৈ-মাগুৰৰ দৰে পিঠিত দীঘল হুল থকা মাছ বেছি লাগে, পিছল গাৰ গৰৈ-চেঙেলী সততে সৰকি যায়৷ হালধীয়া পেটৰ পকা কাৱৈমাছবোৰ শাৰী শাৰী কৈ লাগি থকা দৃশ্যটো চাইয়েই ভাল লাগে, অতি মোহনীয়৷ পিতল চকুৱা মৌজাদাৰৰ ঘৈণীয়েক মৌজাদাৰণী কাউৰীয়ে কা নকৰোঁতেই বিচনা এৰে৷ কাহিলী পুৱাতে পেহাৰ চাইকেলখনৰ কেৰেক-কেৰেক শব্দটো শুনিলেই মৌজাদাৰণীয়ে মজলীয়া চেহেৰাৰ চৰিয়া এটা পাকঘৰত সাজু কৰিবলৈ লয় আৰু পেহা উভতি অহালৈ চুচুক-চাচামকৈ অপেক্ষা কৰি থাকে৷ ওভটনি বাটত পেহাক মৌজাদাৰণীয়ে আগভেটি ধৰাদি ধৰে – ‘আহাচোন আহাঁ, চাহ একাপ খাই যাবা৷ আজিবা পেহাৰ জালত কি কি লাগিল?’ মৌজাদাৰণীৰ লুভীয়া স্বভাৱটোৰ কথা পেহাই ভালদৰে জানে৷ একাজলিমান মাছ চৰিয়াটোত বাকি দি পেহাই মৌজাদাৰৰ পিছ বাৰান্দাৰ বেটৰ চকিত বহি গাখীৰ দিয়া চাহ একাপ লাহে লাহে খায়, তাৰ পিছতহে মৌজাদাৰ বিচনাৰ পৰা উঠি আহে৷

মৌজাদাৰৰ ঘৰৰ চৌহদটো বৰ এটা, পিছফালে প্ৰকাণ্ড এখন বাৰি, বাৰিৰ সীমাই দুয়োফালে থকা দুটা বাট স্পৰ্শ কৰি আছে৷ তিনি আলিটো পাৰ হলেই বিশাল চৌহদটো চকুত পৰে৷ চাৰিওফালে পকী দেৱাল দি চৌহদটো সুৰক্ষিত কৰি ঘেৰা আছে৷ এখন দেৱালৰ কাষেদি দুয়োটা ৰাস্তা সংযোগ কৰিব পৰা লুঙলুঙীয়া পথৰুৱা ৰাস্তা এটাও আছে কিন্তু সেইটোৱেদি চাইকেল-মটৰ যাব নোৱাৰে, ঠেক৷ খোজকাঢ়ি অহা বাটৰুৱাইহে কেতিয়াবা সেইফালেদি বাট চমুৱায়৷ খৰালি কোৰ্শলা বনৰ প্ৰকোপত এখোজো আগবাঢ়িব নোৱাৰি!

তেতিয়াৰ দিনত ৰন্ধা-বঢ়া কৰিবৰ বাবে ৰন্ধন গেছৰ প্ৰচলন হোৱা নাছিল৷ ধনী-দুখীয়া সকলোৰে ৰান্ধনীশাল সক্ৰিয় হৈছিল একমাত্ৰ ফলাখৰিৰ সহায়ত৷ খাদ্য প্ৰকৰণৰ মূল ইন্ধন এই খৰি আছিল প্ৰধানতঃ দুই প্ৰকাৰৰ – জেঙনি খৰি আৰু ফলাখৰি৷ বাঁহ গছৰ আগডোখৰ, যিডোখৰ জিকা, ভোল, তিয়হ আদি লতা বগাবলৈ মাটিত গোজ মাৰি দিয়া হয়, তাৰ পৰা প্ৰস্তুত কৰা খৰি বিধৰ নাম জেঙনি খৰি৷ কোনো কোনোৱে ইয়াক লাঙনি খৰিও বুলিছিল। হাবিত থকা গছৰ পৰা শুকাই তললৈ খহি পৰা সৰু সৰু ডালবোৰো এইভাগতে পৰিছিল৷ সাময়িক অভাৱ পূৰণৰ বাবে এই খৰি আছিল অতি উত্তম৷ হঠাতে আহি পোৱা আলহীক চাহ একাপ বাকি দিবলৈ চুলাটো ক্ষন্তেকৰ বাবে জ্বলাব লাগে – কামটো জেঙনি বা লাঙনি খৰিৰেই সুকলমে সমাধা হৈ গৈছিল৷ ফলা খৰিৰ স্থান আছিল আন সম্ভ্ৰান্ত কামৰ বাবে৷ প্ৰায় সকলো পৰিয়ালতে তেতিয়াৰ দিনত খৰালি সময়তে গছ এজোপা কাটি আনি খৰিৰ বাবে সাঁচি ৰখাটো এটা নিয়মৰ দৰে আছিল৷ গছ এজোপা চিনাক্ত কৰাৰ পিছত তাৰ গুৰিত দুই-তিনিজন লোকৰ বাগি কুঠাৰ চলিছিল৷ কুঠাৰ চলাৰ ঘুপ্‌ ঘুপ্‌ ঘুপ্‌ শব্দটো আনকি চৰাই চিৰকতিৰো চিনাকি আছিল৷ শব্দটো চলি থকা সময়তে কেতিয়াবা অনেক চৰায়ে আহি গছজোপাৰ ওপৰত কোৰ্হাল কৰিছিল কাৰণ সিহঁতে জানিছিল যে ক্ষন্তেক পিছতে সেই গছজোপাত থকা সিহঁতৰ বাসস্থানসমূহো গছজোপাৰ লগতে চিৰদিনলৈ বতাহত বিলীন হৈ যাব৷ গছ নাকাটিবলৈ তেতিয়া কোনো নিয়ম হোৱা নাছিল৷ হৈছিল যদিও সেইটো এটা গ্ৰাহ্য কৰিব লগা কথাই নাছিল৷ এসময়ত গছজোপা সশব্দে বাগৰি পিৰছিল৷ পৰি যোৱা গছজোপা টুকুৰা-টুকুৰ কৰি গাড়ীৰে (গৰু গাড়ী বা ট্ৰেক্টৰৰ দ্বাৰা) কঢ়িয়াই আনি ঘৰৰ চোতালত পেলাই থোৱা হৈছিল৷ এনে কাঠৰ কুন্দাৰ ওপৰতে বহি সন্ধিয়া জীয়াৰী বোৱাৰীহ’তে বিয়নি মেল মাৰিছিল৷ গাত ৰ’দ লৈ তাৰ ওপৰতে বহি মা-বাইদেউহ’তে চুৱেটাৰ গুঠিছিল৷ ষ্টেণ্ড নথকা বাইচাইকেল এনে কাঠতে ভেজা লৈ থিয় দি থাকিব পাৰিছিল৷ সেই কাঠৰ কুন্দাবোৰ ফালি কৰা খৰিবোৰেই আছিল ফলাখৰি৷ কেচা অৱস্থাত ফালি উলিউৱা এই খৰিবোৰ শুকাবৰ বাবে পিৰালিত এডাল এডালকৈ ৰ’দ পৰিবলৈ মেলি দিয়া হৈছিল৷ সন্ধ্যা এই খৰিবোৰ পানী নপৰা ঠাইলৈ আকৌ সামৰি থ’ব লগা হৈছিল৷ এই কামটো কৰোঁতে প্ৰায়েই মোৰ হাতত খৰিত থকা হুলে বিন্ধিছিল আৰু নেমুগছৰ পৰা ছিঙি অনা কাঁইট এডালেৰে মায়ে মোৰ হাতৰ ছালৰ তলত সোঁমাই থকা এনে হুল চিকুটি চিকুটি উলিয়াই থকা দৃশ্যটো মোৰ শৈশৱৰ এটা বৰ সুলভ দৃশ্য আছিল৷ নখেৰে চিকুট মাৰি টানি আনিব নোৱাৰা হুলৰ বাবে মায়ে কটাৰীৰ ধাৰ থকা ফালটো ব্যৱহাৰ কৰিছিল৷ আম, মজ, সৌৰা, শিৰীষ, কঠাল, সোনাৰু, এজাৰ আদি কত গছৰ ফলাখৰিৰ মাজেদি আমাৰ শৈশৱ পাৰ হৈ আহিছিল!

মৌজাদাৰৰ ঘৰৰ কথাই বেলেগ৷ খৰালিতে কাটি অনা কেইবাডালো গছ কেইবাটাও বনুৱাই ফালি, শুকুৱাই, পাকঘৰৰ গাতে লাগি থকা খৰিৰ চাঙখনত জাপ জাপ কৈ জাপি থয়৷ এটা নহয় দুটা বাৰিষা ভোজে-ভাতে ৰান্ধিলেও সেই খৰি শেষ নহয়৷ এবাৰ মৌজাদাৰণীয়ে লক্ষ্য কৰিলে ৰাতি ৰাতি কোনোবাই খৰি চুৰ কৰিবলৈ লৈছে৷ মাটিত তিনিটা মানুহৰ ভৰিৰ খোজৰ চিনো দেখা গৈছে৷ মূৰটো দোঁৱালেই আঁৰ হোৱা দেৱালখনৰ ওপৰেদি কোনোবাই ৰাতি ৰাতি খৰি চুৰ কৰে! সাপেখাটিৰ ভাওঁনাৰ খা-খবৰ ল'বলৈ গৈ উভতি অহাৰ বাটত ঘৰৰ পদূলিতে পেহাৰ লগত মৌজাদাৰৰ দেখি-দেখি হ’ল৷ ‘চাহ একাপ খাই যাবি আহ্‌’- বুলি মৌজাদাৰে পেহাক ঘৰলৈ আথেবেথে মাতি আনিলে আৰু কথাৰ মাজতে খৰি চোৰৰ কথাটো কৈ এটা উপায় বিচাৰিলে৷ পেহাই বিশেষজ্ঞৰ দৰে পিতপিতকৈ খৰি থোৱা ঠাইখিনি, দেৱালখন আৰু চুৰ কৰা ৰাস্তাটো চাই ল’লে৷ দেৱালখন বেছি ওখ নহয়৷ দেৱালৰ বাহিৰত থকা মজলীয়া উচ্চতাৰ মানুহ এটাৰ মূৰটো ভিতৰৰ পৰা ভালদৰে দেখি থাকি, কিন্তু সামান্য কুঁজা হৈ দোঁৱাই দিলেই অদৃশ্য হৈ যায়! আজিকালি দেখাৰ দৰে দেৱালখনৰ ওপৰ ভাগত লোহাৰ কাঁইট বা আইনাৰ টুকুৰা নাই,- মসৃণ, জাপ মাৰি সুকলমে পাৰ হৈ যাব পৰা৷ অলপ সময় তভক মাৰি ৰৈ থাকি ‘চাওঁচোন চিন্তা কৰি’- বুলি পেহাই সেইদিনালৈ বিদায় ল’লে৷

দুদিনমান পিছত গধুলি সময়ত নিজৰ ঘৰৰ বাৰান্দাত বহি পেহাই মৌজাদাৰৰ ঘৰৰ সমস্যাটোৰ কথাই চিন্তা কৰি আছিল৷ পদুলিলৈ নিৰাসক্তভাৱে চাই থাকি সমস্যাটোৰ গভীৰৰ পৰা গভীৰলৈ পেহা লাহে লাহে সোমাই গৈ থাকিল৷ ঠিক সেই সময়তে চুবুৰীয়া তোষেশ্বৰৰ হাড়ক’লা ছাগলীজনী পেহাৰ পদূলিৰ কোমল ঘাঁহ খাই খাই নঙলাডালৰ তলেদি চৌহদটোলৈ সোমাই আহিল৷ ছাগলীজনীৰ ডিঙিত দেৰফুটমান দীঘল কামি এপাট ওলমি আছে৷ "হাঁহ চোৰৰ মূৰত পাখি, কঠাল চোৰৰ আঠাই সাক্ষী!" কামিডোখৰে প্ৰমান কৰিছে ছাগলীজনীৰ প্ৰকৃতি লুৰুকা-স্বভাৱৰ৷ জেওৰাৰ ফাকেদি মূৰ সূমুৱাই দিলে যাতে সহজে উলিয়াই আনিব নোৱাৰে তাৰ বাবেই ডিঙিত এইধাৰ গলপতা! তথাপিও তাইৰ গতি বিধিত এনে লাগিছে তাই যেন জেওৰাখনৰ সিপাৰে থকা পাচলিবাৰিখনৰ প্ৰতি সম্পূৰ্ণ উদাসীন, নিস্পৃহ! পাছে পেহা ভিতৰলৈ উঠি যাবলৈহে পালে, ছাগলীজনীয়ে চিঞঁৰত গগন ফালিবলৈ আৰম্ভ কৰিলে৷ সুযোগ বুজি পেহা উঠি যাওঁতেই তাই জেওৰাৰ ফাকেদি মূৰটো পাচলি বাৰিখনলৈ সুমুৱাই দিছিল, লাগি ধৰিলে!
দুদিন পাছত পেহা সন্ধিয়া আহি মৌজাদাৰৰ ঘৰ পালেহি৷ পেহা মৌজাদাৰৰ ঘৰত থাকিব আৰু ৰাতিলৈ চোৰ ধৰিব৷ লগত সকলো সা-সৰঞ্জাম লৈ আহিছে৷ ৰাতিলৈ ভাত-পানী খোৱাৰ পিছত পেহাই চোৰ পলোৱাৰ বাটত জুখি মাখি জেওৰা এখন দি আহিল৷ ফৰিং-ফুটা জোনাক৷ জোনটো গৈ গৈ অৱশেষত পশ্চিম দিশ পালেগৈ৷ তাৰ পিছত হঠাতে দেখা গ’ল, তিনিটা ল’ৰা দেৱালখন পাৰ হৈ সোমাই আহিছে, এটা মূৰ দেৱালখনৰ বাহিৰত ৰৈ আছে৷ পেহাই সুবিধাজনক ঠাইৰ পৰা সিহঁতৰ কাণ্ড লক্ষ্য কৰি থাকিল৷ সময় মিলি যোৱাত হঠাতে তিনি বেটাৰিৰ টৰ্ছটো জ্বলাই পেহা আগবাঢ়ি গ’ল৷ তিনিওটা জাপ মাৰি পলাই পত্ৰং দিব বিচাৰিছিল৷ মূৰটো দোঁৱাই দেৱালখনৰ আঁৰ হৈ দৌৰ ধৰোঁতেই সিহঁতৰ মূৰকেইটা পেহাই সন্ধিয়াতে পাতি থৈ অহা জেওৰাখনত সোমাই পৰিল৷ যিমানে আগলৈ জোৰ দিয়ে সিমানে সিহঁতৰ ডিঙিকেইটা জেওৰাখনে চেপি ধৰিলে – তোষেশ্বৰৰ ছাগলীজনীৰ নিচিনাকৈ৷ জেওৰাখন সহিত সিহঁত চাৰিওটাকে পেহাই যেতিয়া মৌজাদাৰৰ সমূখলৈ লৈ আহিছিল, কেইবাটাও ডাঙৰ বৰালি মাছ লগা লাঙিজাল এখন পানীৰ পৰা টানি অনা যেন পেহাৰ অনুভৱ হৈছিল৷

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনী মোৰ ভাই মৃদুলে (মৃদুল বৰুৱা) মনত পেলাই দিলে৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬৩)

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬৩)

এইটোও পেহাই শিলঘাটৰ মৰাপাট কলত কাম কৰি থকা সময়ৰে কথা৷

মৰাপাট কলৰ ওচৰৰে গাওঁ এখনৰ যুৱক পুতুকণ পেহাৰ বিশ্বস্ত সহকৰ্মী আৰু নলেগলে লগা বন্ধু৷ আৰুবেলি পেহাই গাৱঁত ভাওঁনা হোৱাৰ সময়ত পুতুকণকো নিজৰ ঘৰলৈ লৈ আহিছিল৷ পেহাৰ ভাওঁ দেখি, পুতুকণে তবধ মানিলে৷ কেনেকুৱা গুণী মানুহ এজনৰ লগত সি চাকৰি কৰি আছে সেইয়া সি পেহাৰ ভাও দেখিহে উপলব্ধি কৰিবলৈ সক্ষম হ’ল৷ আনৰ কথাটো বাদেই সি নিজেই পেহাৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিল আৰু ঠিক কৰি পেলালে, নিজৰ গাৱঁৰ ভাওনাত পেহাক এবাৰ অসুৰৰ ৰূপত উলিয়াবই লাগিব৷ পাছে যোৱা দুবছৰত সেই সুবিধা অহা নাছিল, এতিয়া আহিছে৷
গাৱঁৰ স্বয়ং গাওঁবুঢ়া পুতুকণৰ লগত আহি পেহাক অফিচতে লগ ধৰিলেহি আৰু জম্ভাসুৰৰ ভাওঁটো পেহাই লৈ গাওঁবাসীক কৃতাৰ্থ কৰিব লাগে বুলি একপ্ৰকাৰ কাকূতি মিনতিয়েই কৰিবলৈ ধৰিলে৷ পেহাই ক্ষন্তেক চিন্তা কৰিলে আৰু অলপ বেছিকৈ গহীন হৈ দেখুৱাই ক’লে- হ’ব বাৰু, পাছে মোৰ দুটা চৰ্ত আছে৷ প্ৰথম, পেহা সদায় আখৰালৈ নাযায়, জম্ভাসুৰৰ ন-থেৱা বচন, দুটা পয়াৰ, এটা বিলাপ আৰু এটা মুক্তাৱলী তেখেতৰ মুখস্ত আছে৷ দ্বিতীয় চৰ্ত, ভাৱৰীয়াৰ পোছাক পেহাক নালাগে, তেখেতে জামুগুৰীহাটৰ পৰা নিজে ভাৰা কৰি আনিব৷ তেখেতৰ মতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভাৱৰীয়াৰ পোছাক তৈয়াৰ হয় উত্তৰপাৰে জামুগুৰীহাটত! পেহাৰ দুয়োটা চৰ্ত ততালিকে মানি লোৱা হ’ল৷ কথাটো বনজুই বিয়পাদি গঞাৰ মাজত বিয়পি পৰিল – অন্ততঃ অসূৰ চাবলৈকে এইবাৰৰ ভাওঁনাখন এৰিব নোৱাৰি!
পেহাই সেইদিনাই প্ৰয়োজনীয় নিৰ্দেশ দি নিগমালৈ এখন চিঠি লিখিলে৷ আৰু ভাওনাৰ দুদিনৰ আগতে জামুগুৰীৰ নগেন কৃষ্টিকেন্দ্ৰৰ স্পেছিয়েল ৰয়েল দ্ৰেছ আৰু চতিয়ালচুকৰ ভবেন সন্দিকৈয়ে কুহিলাৰে বনোৱা অসুৰৰ দাঁতদুটা লৈ নিগমা আহি শিলঘাট পালেহি৷ ৰাইজৰ মাজত উৎসাহৰ অন্ত নাই৷ এইবাৰ পুতুকণহ’তৰ গাওঁৰ ভাওনাত ইলেকট্ৰিক লাইট জ্বলিব৷ ইচ্ছা কৰিলেই আন্ধাৰ, ইচ্ছা কৰিলেই পোহৰ কৰি দিব পৰাৰ ব্যৱস্থা কৰা হৈছে৷ চন্দ্ৰপেহাৰ প্ৰৱেশৰ সময়ত লাইট নুমাই থাকিব৷ ভোৰতালৰ গেৰেম গেৰেম শব্দৰ মাজত নামঘৰৰ মজিয়াত পেহা যেতিয়া জাপ মাৰি আহি পৰিব নামঘৰৰ আটাইবিলাক লাইট একেলগে জ্বলি উঠিব৷ আগতে ভাওনাঘৰত লাইটৰ ব্যৱস্থা নাছিল, পেট্ৰমাক্স ব্যৱহাৰ কৰা হৈছিল৷ লাইটটোক আমি “মেন্ঠেল লাইট” বুলি কৈছিলো, চাইকেলৰ চকাত পাম্প দিয়াদি এই লাইটটোতো পাম্প দিব লাগিছিল৷ এনেধৰণৰ কেইবাটাও লেম ওলোমাই লৈ নামঘৰটো জ্যোতিষ্মান কৰি ৰখা হৈছিল৷ লেমবিলাকৰ পৰা ওলোৱা চিয়ঁ-চিয়ঁ শব্দ এটাই গোটেই নামঘৰটো জিনি পেলাইছিল৷ লেমটো ওলোমাই ৰখা ৰছীডাল খুটা এটাত বান্ধি থোৱা হয়৷ এটা সময়ত লেমটোৰ পোহৰ ম্লান পৰি আহে৷ তেতিয়া কোনোবা এজন আহি ৰছীডাল খুলি লাহে লাহে লেমটো তললৈ নমাই আনে আৰু তাত পাম্প দিয়ে৷ এটা হাতে লেমটো ধৰি লৈ ৰাখি আনটো হাতেৰে হাতৰ শিৰ ফুলাই আধা বহা অৱস্থাত লেমত পাম্প দি থকা দৃশ্যটোত এটা হিৰোসুলভ মাদকতা আছিল৷ আমাৰ গাওঁত এই কামটো প্ৰায়েই ভাইটিদা আৰু তৰুণখুৰাই কৰিছিল৷ কামটো কৰি থকা সময়ত তেখেতসকলে কাৰো লগত কথা নাপাতিছিল, আমি সোধা প্ৰশ্নৰো উত্তৰ নিদিছিল৷ ডাঙৰ হৈ আমিও লেমত পাম্প দিম বুলি তেতিয়াই এটা সংকল্প লৈছিলোঁ৷ পাছে তাৰ কিছুদিনৰ পাছৰে পৰা ইলেকট্ৰিক লাইটৰ প্ৰচলন হোৱাত আমাৰ সেই ইচ্ছা অপূৰণ হৈয়েই থাকি গ’ল৷ ইলেকট্ৰিক লাইট অহাত ৰং-বিৰঙৰ পোহৰো সম্ভৱ হৈ পৰিল৷ ইলেকট্ৰিক লাইটৰ লগে লগে আৰু এটা পৰিৱৰ্তন আহিল৷ ভাওনাত মাইক বজোৱা আৰম্ভ হ’ল৷ সুত্ৰধাৰীৰ কথা তিনিখন গাৱলৈকে শুনিব পৰাৰ ব্যৱস্থা হ’ল৷ পুতুকণ হ’তেও এইবাৰ মাইক আনিছে৷ মাইকৰ সমূখত বেঞ্চদুখন সংস্থাপন কৰা হৈছে৷ তাতে বহি লৈ গায়ন-বায়নসকলে তাল-খোল বজাব৷

মেক-আপ সম্পূৰ্ণ হোৱাৰ পিছত হাতীৰ দৰে বিয়াগোম দাঁতদুটা ওঠৰ তলত লগাই লোৱাৰ পিছতে, চকুদুটা চেলাই লৈ পেহাই যেতিয়া নিগমালৈ অসূৰৰ দৃষ্টি নিক্ষেপ কৰিলে, নিগমা দুহাতমান পিছুৱাই গ’ল৷
- হ’বনে? পেহাই নিগমাক সুধিলে৷
- হ’ব হ’ব, আইসকলে আজি ঢাৰি-কঠ তিয়াব যেন পাইছোঁ৷ নিগমাই উত্তৰ দিলে৷
পেহা আহি দুৱাৰদলিত থিয় হ’লহি৷ বাহিৰফালে থিয় দি থকা চেমনীয়াহত পলাই পত্ৰং দিলে৷ আগতে দিয়া নিৰ্দেশমতেই নিমাই ঠিকাদাৰে আটাইবোৰ লাইট নুমুৱাই দিলে৷ গেৰেম-গেৰেম-গেৰেম! জাপ মাৰি পেহা মজিয়াত পৰাৰ লগে লগেই লাইটবোৰ জ্বলি উঠিল৷ অকণ অকণ শিশুবোৰে চিঞঁৰ মাৰি মাক-জেঠায়েকৰ কোলাত তাপ মাৰিলে৷ তিনিখুজীয়া প্ৰৱেশ – “যামনে-নাযাম, যামনে-নাযাম, যামেই-যামেই-যামেই!” পেহাৰ চকুত পৰিল ভয়ত চকু কপালত উঠা আইসকলে দুয়োটা হাত একেলগ কৰি অসূৰলৈ সভক্তিৰে প্ৰণিপাত কৰিছে৷ পেহাৰ কাণত একেৰাহে বাজি আছে বছৰ বছৰ ধৰি সঞ্চিত হৈ থকা চিনাকি লয় “যামনে-নাযাম, যামনে-নাযাম, যামেই-যামেই-যামেই!” তিনিখুজীয়া তালত অসূৰৰ প্ৰৱেশ৷ পেহাৰ কাণত তাল-খোলৰ মাত যেন স্তিমিত হৈ আহিছে৷ সোঁ-হাতে বহা দৰ্শকৰ মাজৰ পৰা ঢাৰিৰ তলেৰে বৈ আহিছে এসোঁতা তপত পানীৰ সোঁত! মণিকূটৰ সিপাৰে পাকটো মাৰি আহি পেহাই দেখে ভাওনাঘৰটো খালী৷ সকলো দৰ্শক ভয়ত ত্ৰাহিমধূসুদন সুঁৱৰি ভাওনাঘৰৰ পৰা পলায়ন কৰিছে, গায়ন-বায়ন সমন্বিতে! উপায়ন্তৰ হৈ পেহাই নিজেই মাইকত ঘোষনা দিবলৈ আৰম্ভ কৰিলে – “ৰাইজসকল, আইসকল, মই সঁচা-সঁচি জম্ভাসুৰ নহয়, মৰাপাট কলৰ চন্দ্ৰপেহাহে, আপোনালোকে ভয় পৰিহাৰ কৰক, ঘুৰি আহক. ঘুৰি আহক!”
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনীটো আমাৰ সকলোৰে চিনাকি চিম্পীৰ, চিম্পী শইকীয়াৰ৷ তাল-খোলৰ সুৰটোৰ শব্দচয়ন মনত পেলাই দিলে মোৰ ভাতৃসম বাবলুৱে, বাবলু (কৰুণা) হাজৰিকাই৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-

Sunday, August 26, 2018

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬২)

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬২)

বান্দৰৰ সমস্যা পেহা বাস কৰা অঞ্চলটোৰ এটা ডাঙৰ সমস্যা৷ আগতে বান্দৰবোৰ ৰাষ্টাটোৰ এইপাৰে নাহিছিল, এতিয়া আহিবলৈ লৈছে৷ সততে জয়াল হৈ থকা গহীন হাবিখন এতিয়া মুকলি হ’ল৷ সেয়ে খাদ্য বিচাৰি পশু-পক্ষী আহি গাওঁ উঠিছেহি৷ ঘৰৰ চৌহদৰ খেতি-বাতিটো বাদেই, সুবিধা পালেই সিহঁত পাকঘৰতো সোমায় আৰু ঢাকি থোৱা ভাত পৰ্যন্ত উদঙাই খায়৷ গছৰ ফল-মূল আম, কঠাল, কল একো নথকা হ’ল৷ কলি অমিতাবোৰৰ যি অৱস্থা কৰে, দেখিলেই চকুপানী ওলায় আহে৷ ভেটা দি বা বান্ধি কিবা প্ৰকাৰে জিকা ভোল এটা ৰাখিলেও কোন টলকত মলুৱা আহি লাগেহি তাৰ একো ঠিক নাই! এদিন গধূলি পেহাই বাৰিচুকৰ ভেন্দিদৰাৰ কামতে লাগি আছিল, হাতত চোকা খন্তি এখন৷ মানুহটো থাকোঁতেই মলুৱাকেইটামান আহি কলি ভেন্দিবোৰ টানিবলৈ লাগিল৷ খঙত পেহাই হাতত থকা খন্তিখনকে দলি মাৰি দিলে৷ মজলীয়া চাইজৰ বান্দৰ এটাৰ মূৰতে লাগিল হ’বলা সেইটো সেইফালেই ঢলি পৰিল৷ বাৰিৰ ঢাপত গাঁত এটা খান্দি পেহাই তাক পুতি থ’লে৷

পিছে চকু-চৰহা কেইটামানে কথাটো সহ্য কৰিব নোৱাৰিলে৷ গাৱঁত মিটিং বহিল – আছামী পেহা, অপৰাধ – বানৰ হত্যা!

-          “পেহা, আপুনি ডাঙৰ অপৰাধ কৰিলে নহয়, বান্দৰটো কিয় মাৰিলে?” – ভাওনাত নাৰদৰ ভাও লোৱা আৰু বাস্তৱতে হাতে কামে সেই আদৰ্শ অনুসৰণ কৰা গাওঁখনৰ শ্ৰেষ্ঠ খলুৱা হিচাপে প্ৰসিদ্ধ মোনাৰামে প্ৰশ্ন আৰম্ভ কৰিলে৷
-          “কিয়, তাতে কি হ’ল? মোৰ খেতি পথাৰ নষ্ট কৰোঁতে ফৰ্মুটি লাগি মৰিল বান্দৰটো, তাতে তোৰ আপত্তি কিহৰ?” – পেহাইও অলপ উষ্মতা প্ৰকাশ কৰি ওলোটাই সুধিলে৷
-          “আপুনি নিশ্চয় জানে যে বান্দৰ আমাৰ পূৰ্বপুৰুষ, আৰু পূৰ্বপুৰুষক হত্যা কৰাটো নৰ-হত্যাৰ সমতূল্য৷”
-          “অ’ হয় নেকি? তহঁতৰ বংশৰ উপৰিপুৰুষসকল যে বান্দৰ মই নাজানিছিলোঁ নহয়৷ আমাৰ বংশতটো কোনো বান্দৰ নাই! মোৰ দেউতাৰ নাম ঠানুৰাম বৰা, ককাদেউতাৰ নাম জীৱেশ্বৰ বৰা, আজো-ককাৰ নাম শিৱৰাম বৰা, আমাৰ বংশত এজনো বান্দৰ নাই ঔ!”

গিৰ্জনি মাৰি ৰাইজে হাঁহি উঠিল৷ ভেচভেচিয়া হৈ ৰঙা-চঙা পৰি মোনাৰাম বহি গ’ল আৰু আনকেইজনমানক উচতনি দিয়া আৰম্ভ কৰিলে৷ শেষত সকলো ফুটুকাৰ ফেন হ’ল, পেহাৰ একো শাস্তি নহ’ল৷

এবাৰ পেহাৰ ঘৰত বিহাৰৰ মানুহ এজন আহি ওলালহি৷ খেতি-বাতিত সহায় কৰি দিম বুলি মানুহজন পেহাৰ ঘৰতে খুতি পুতি বহিল৷ লগত মানুহজনে বান্দৰ এটা লৈ আহিছিল, ৰছী এডালত বান্ধি সেইটো সদায় লগতে লৈ ফুৰায়৷ সুবিধা পালেই বান্দৰটোৱে মানুহজনৰ মূৰ-কান্ধ-কোলাত উঠি থাকে আৰু সৰু সৰু ল’ৰা-ছোৱালীক খেলা দেখুৱায়৷ ইয়াৰ আগতে ন বছৰ মানুহজন কলিকতাত আছিল আৰু তেতিয়াই বান্দৰটোৱা হেনো বাংলা ভাষা বুজিবলৈ লৈছিল৷ সেয়ে বান্দৰটোৰ লগত মানুহজনে বাংলা ভাষাত কথা পাতে৷ – “খিদা পেয়েছ?” মাজে মাজে মানুহজনে সোধে মানে ভোক লাগিছে নেকি! বেছি জোৰকৈ বান্দৰটোক খুৱাবলৈ চেষ্টা কৰিলে বান্দৰটোৱে এটা হাত মুঠি মাৰি ধৰি প্ৰটেষ্ট কৰে – “ইনক্লাৱ জিন্দাবাদ” ধৰণৰ৷ গৰাকীয়ে তেতিয়া বুজি পায় যে তাৰ পেটত ভোক নাই৷ গাৱঁৰ বাৰিত থকা বনৰীয়া বান্দৰজাক আহিলে ঘৰচীয়াটোৱা তধা লাগি জাকটোলৈ চাই থাকে৷

এদিন হঠাতে বান্দৰটো নোহোৱা হ’ল৷ বিহাৰীজনে “কোথাই গ’ খোকা, কোথাই. গ’ খোকা” বুলি চিঞৰি চিঞৰি কান্দিলে৷ একো শুং-সূত্ৰ পোৱা নগ’ল৷ কিন্তু আচৰিত কথা তাৰ পিছতে গাৱঁৰ বান্দৰ জাকৰো  কেইবাদিনলৈ দেখা-দেখি নোহোৱা হ’ল৷ পেহাৰ বাৰিৰ দাঁতিত ৰঙালাও এজোপা ফুলিছিল, এতিয়া কলি পেলাইছে৷ ধানখেৰ দি ঢাকি পেহাই কলিবোৰ বান্দৰৰ নজৰৰ পৰা বচাই থোৱাৰ চেষ্টা কৰিছে! এনেকৈয়ে আৰু কেইদিনমান বান্দৰৰ পৰা বচাই ৰাখিব পাৰিলে পেহাই এইবাৰ ঘৰৰ ৰঙালাও গাওঁখনকো খুৱাব পাৰিব৷

এদিন ৰাতিপুৱা পেহা উঠি অবাক হৈ গ’ল৷ এজাক বান্দৰে জেওৰাখনৰ ওপৰেদি এটা হাতৰ মুঠি ডাঙি প্ৰচেছন কৰি আহিছে – ইনক্লাব জিন্দাবাদ ধৰণে৷ এটা দুটা নহয়, এজাক৷ চকুদুটা ভালদৰে মচি লৈ পেহাই আকৌ দৃশ্যটো চালে৷ সৰ্বনাশ, সেইয়া হাতৰ মুঠি নহয়, এটা হাতে জেওৰাৰ ওপৰত নিজৰ ভাৰসাম্য ৰক্ষা কৰি আনটো হাতত সেইয়া একোটাকৈ পেহাৰ বাৰিৰ ৰঙালাওৰ কলি! দৃশ্যটো সাইলাখ ইনক্লাৱ জিন্দাবাদ-ৰ দৰে৷

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনী মোক কৈছিল মোৰ ভাই মৃদুলে – মৃদুল বৰুৱাই৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-

Sunday, August 19, 2018

জীৱন বাটৰ ৰসঃ অলপ নিজৰ কথাৰে (৬১)

জীৱন বাটৰ ৰসঃ অলপ নিজৰ কথাৰে (৬১)

‘জীৱন বাটৰ ৰস’ নামৰ এইলানি ৰস ৰচনাৰ যোৱ ৬০টা খণ্ডৰ মাত্ৰ দুটা খণ্ড মই লিখিব পৰা নাছিলোঁ৷ এই বছৰৰে ২৫ ফেব্ৰুৱাৰীৰ দিনা হঠাতে শ্ৰীদেৱীৰ মৃত্যু হোৱাৰ দুখত আৰু ১০ জুন তাৰিখে অভিজিত-নিলোৎপলক নিৰ্মমভাবে হত্যা কৰাৰ শোকত অসমবাসী ম্ৰিয়মান হৈ থকাৰ সময়ত৷ আজি তৃতীয়দিন৷

১৬ জুলাই তাৰিখে মই যেতিয়া লগত দুটা শকত বেগ লৈ উত্তৰ কেৰালাৰ কন্নুৰ নামৰ ষ্টেচনটোত সন্ধ্যা সময়ত নামিছিলোহি তেতিয়া বাহিৰত মূষলধাৰে বৰষুণ হৈ আছে, ডবাপিটা বৰষুণৰ লগত হু-হু বতাহ, এয়াৰপৰ্টৰ ভাষাত উইণ্ড স্পীড্‌ ত্ৰিশ নটতকৈও বেছি হ’ব যেন লাগিছে৷ ষ্টেচনৰ এটা প্লেটফৰ্মৰ পৰা সংযোগী দলঙখনেৰে আন এটা প্লেটফৰ্মলৈ যোৱাৰ উপায় নাই, কাৰণ বতাহৰ শক্তিয়ে বৰষুণৰ গতি মাটিৰ প্ৰায় সমান্তৰাল কৰি পেলাইছে! আধাতিতা অৱস্থাত ত্ৰিশ কিলোমিটাৰ দূৰৰ মাট্টানূৰ নামৰ ঠাইখন, য’ত কন্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠটো নিৰ্মান হৈ আছে  গৈ পাইছিলোগৈ তেতিয়া সন্ধ্যা লাগি ভাগিছিল৷ এই বছৰৰে ফেব্ৰুৱাৰী মাহৰ পৰা এই হোটেলখন আৰু ঠাইখনৰ লগত মোৰ চিনাকি৷ মই আহিছিলোঁ বিমানকোঠটো সক্ৰিয় কৰিবলৈ লোৱা অৰেট (ORAT- Operational Readiness and Airport Transfer) নামৰ প্ৰক্ৰিয়াটোৰ নেতৃত্ব দিবলৈ, যিটোৰ দায়িত্ব মই সম্প্ৰতি কাম কৰি থকা প্ৰতিষ্ঠানটোৱে পাইছিল৷ মোক সহায় কৰিবলৈ হায়দৰাবাদ আৰু দিল্লী বিমানকোঠৰ পৰা ছজন সহকৰ্মী আহি সময়ত যোগদান কৰিবহি৷

সেইদিনা গোটেই ৰাতি বৰষুণ হৈয়েই থাকিল৷ তাৰ পিছদিনাও, তাৰ পিছদিনাও, তাৰ পিছদিনাও!
-          এনেকৈ ইয়াত বৰষুণ একেৰাহে হৈয়েই থাকে নেকি?
-          নাথাকে, এইবাৰহে জানো কি হ’ল!

কেৰালাৰ পাৰিপাৰ্শ্বিক দৃশ্য অসমৰ লগত বহুখিনি একে৷ তামোল গছ, নাৰিকল গছ, কল গছ, কঠাল গছ, কচু-ঢেকীয়া-বিহলঙনীৰ জোপোহা আৰু লতাৰে ঢাকি ধৰা ঘৰৰ চৌহদৰে ঠাইখন অসম-অসম লাগে৷ মোৰ কোঠাৰ বাহিৰৰ নাৰিকল গছজোপাত কলহৰ কাণে ঢলা বৰষুণৰ ৰোমান্টিক শব্দই প্ৰথম কেইদিনমান মোক মোহাচ্ছন্ন কৰি ৰাখিছিল, শৈশৱতে গাঁৱৰ ঘৰখনত কটোৱা বৰ্ষামূখৰ দিনবোৰলৈ মনত পৰিছিল৷ লাহে লাহে সেই মোহ প্ৰচণ্ড বিৰক্তিত পৰিণত হ’ল৷ ‘বৃষ্টি পৰে টাপূৰ টুপূৰ’ অনুভৱ ‘জানো বতৰটোৰ গাত কি লাগিল’-লৈ সলনি হ’ল৷

কেৰালা ৰাজ্য্খনৰ পূৱে পশ্চিমঘাট পৰ্বতমালা আৰু পশ্চিমে আৰৱ সাগৰ৷ পৰ্বতৰ ওপৰত পৰা বৰষুণৰ পানী সততে কেৰালাৰ বুকুৱেদি বাগৰি আৰৱ সাগৰলৈ যায়৷ পানীৰ সু-ব্যৱহাৰ কৰিবৰ বাবে কেলালাৰ বুকুৱেদি বৈ যোৱা ৪৪খন নদীৰ ওপৰৰ ৪২ খনতে বান্ধ আছে৷ তাৰ পানী আৰু উৎপাদিত শক্তিয়ে কেৰালাৰ লগতে গাতে লাগি থকা তামিলনাডু আৰু কৰ্ণাটকক প্ৰচুৰ সহায় কৰে৷ এইবাৰ বৰষুণৰ প্ৰভাৱত এই বান্ধবোৰে ধৰি ৰখা পানী ভেটা দি ৰাখিব পৰা ক্ষমতাততৈ বেছি হ’বলৈ আৰম্ভ কৰিলে৷ পেৰিয়াৰ নামৰ নদীখনৰ ওপৰত থকা ইৰুক্কি (Idukki) নামৰ বান্ধটোৰ পানী খুলি দিবলৈ প্ৰশাসন বাধ্য হৈ পৰিল৷ লগে লগে কোচিন এয়াৰপৰ্টকে ধৰি কেৰালাৰ এটা অংশ জলমগ্ন হৈ পৰিল৷ কোচিন এয়াৰপৰ্টটো ২৬ আগষ্টলৈকে বন্ধ কৰি দিবলৈ বাধ্য হ’ল৷ লাহে লাহে আন বান্ধবোৰৰ পানীও খুলি দিব লগা হ’ল৷ ১০০ বছৰীয়া ইতিহাসৰ শ্ৰেষ্ঠ তামসিক বানে কেৰালাত প্ৰলয়ৰ সৃষ্টি কৰিলে৷ একেৰাহে হৈ থকা বৰষুণৰ পানীয়ে কোমল কৰি পেলোৱা বাবে পাহাৰৰ দাঁতিত থকা ঘৰদুৱাৰ তললৈ খহি পৰিবলৈ আৰম্ভ কৰিলে৷ এখন স্কুলৰ ছাত্ৰ-ছাত্ৰী-শিক্ষক সমন্বিতে সকলোকে খহাই তললৈ নমাই নিয়াৰ লোমহৰ্ষক দৃশ্যৰ ভিডিঅ’টো এই লেখাটোৰ লগত আপলোড কৰি দিছোঁ৷

যোৱা শনিবাৰে আমাৰ লগতে কাম কৰি থকা টেফী নামৰ সহকৰ্মীজন উধাতু খাই কোঠাটোলৈ সোমাই আহিল৷ কন্নুৰৰ পৰা এশ কিলোমিটাৰ দূৰত থকা সিহঁতৰ ঘৰত পানী সোমাবলৈ আৰম্ভ কৰিছে! ঘৰত মাক আৰু  এটি শিশুক লৈ তাৰ পত্নী! লৰালৰিকৈ তাক ঘৰলৈ আগবঢ়াই দিলোঁ৷ ৰাতি খবৰ আহিল, সি গৈ কালিকটত ৰৈ আছে, তাৰ আগলৈ যোৱাৰ বাট-পথ সকলো বন্ধ! পিছদিনা সি ঘুৰি আহিল৷ ৰিজিট নামৰ আন এজন সহকৰ্মীয়ে থোকাথোকি মাতেৰে কৈ গ’ল – ঘৈণীয়েক সন্তান-সম্ভৱা, দেওঁবাৰে সি যোৱাৰ কথা আছিল৷ হঠাতে এবুকু পানীত ডুবি থকা তাইক চাঙী এখনত বহুৱাই ওচৰৰ ষ্টেচনটোলৈ লৈ যোৱা হৈছে৷ যদি ৰেইল চলে ৰাতিলৈ তাইক হস্পিটেল থকা ঠাই এখনলৈ স্থানান্তৰিত কৰা হ’ব৷ টেনছিহা নামৰ ছোৱালীজনী সপ্তাহৰ অন্তত ঘৰৈল গৈ এতিয়া সপৰিয়েলে চৰকাৰী আশ্ৰয় শিবিৰত আছে৷ কন্নুৰ এয়াৰপৰ্টটো সাজি আছে এল এণ্ড টি (L&T)নামৰ বিখ্যাত কোম্পানীটোৱে৷ তাৰ দায়িত্বত থকা জি নায়াৰ নামৰ মানুহজন মই থকা হোটেলখনতে থাকে৷ খোৱাৰ সময়ত আমি প্ৰায়েই একেখন টেবুলতে বহোঁ৷ এলেপ্পীৰ পম্পা নামৰ নদীখনৰ দাঁতিত তেখেতৰ মূল ঘৰখন৷ তাত তেখেতৰ একাশী বছৰীয়া মাক আৰু অবিবাহিতা ভণীয়েক থাকে৷ পত্নী আৰু সন্তান থাকে চেন্নাইত৷ এদিন সন্ধ্যা ভণীয়েকে ফোন কৰি ক’লে, পানী আহি এইবাৰ ঘৰলৈ উঠা চিৰিটোৰ ওচৰ পালেহি৷ ৰাতিপুৱা তাই আতুৰ হৈ আকৌ ফোন কৰিলে পানী আহি মজিয়া সোমালহি৷ নায়াৰ চাহাবে লগে লগে তেওঁলোকক এঘৰ আত্মীয়ৰ ঘৰলৈ যাবলৈ উপদেশ দিলে, তেওঁলোকৰ ঘৰ এঢলীয়া পাহাৰ এটাৰ দাঁতিত৷ সেই ঘৰটোৰ বাৰান্দাৰ পৰা মাক-জীয়েকে নিজৰ ঘৰটো পানীৰ তললৈ লাহে লাহে বুৰি গৈ থকা দৃশ্য নিজ চকুৰে চাই থাকিল৷ এসময়ত ঘৰটোৰ ওপৰত থকা ক’লা ৰঙৰ পানী টেংকিটোৰ বাদে আন সকলো অদৃশ্য হৈ গ’ল! কিন্তু কি আচৰিত লাহে লাহে তেওঁলোকে আশ্ৰয় লোৱা আত্মীয়ৰ ঘৰখনলৈও পানী সোমাবলৈ আৰম্ভ কৰিছে৷
-          তাৰ পিছত?
তাৰ পিছত আৰু নায়াৰ চাহাবে কোনো খবৰ নাপায়৷ মোবাইল সেৱা বন্ধ হৈ গ’ল৷ যোগাযোগৰ কোনো ৰাস্তা নাই! পিছদিনা আবেলি খবৰ আহিল সেনা-বাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰি এটা আশ্ৰয় শিবিৰত ৰাখিছে! গৈ দেখা কৰাৰো কোনো উপায় নাই৷ এসময়ত নায়াৰ চাহাবে হুকহুকাই কান্দি উঠিল – ‘জীৱনৰ সমস্ত উপাৰ্জন পানীৰ লগত উটি গ’ল!’

এমাহতকৈও অধিক সময় বৰষুণ হৈ থকাৰ ব্যতিক্ৰমী কোনো  সাৱধানবাণী বা ভৱিষ্যতবাণী নাছিল৷ বান্ধবোৰৰ পানী এনে বিপৰ্যয়ৰ সময়ত কেনেকৈ পৰিচালনা কৰিব লাগে তাৰে কোনো প্ৰশিক্ষণ এতিয়ালৈকে আমাৰ দেশত আৰম্ভই হোৱা নাই৷ ১৯৭৫ চনত চীনদেশত বেংকো দেম দিজেছটাৰ (Banqiao Dam Disaster) বুলি জনাজাত এটা ঘটনা ঘটিছিল৷ নদী এখনৰ বান্ধ এটা ভাগি পৰাত আঢ়ৈ লাখ লোকৰ সলিল সমাধি ঘটিছিল৷ ২০১১ চনত চহান ৰায় নামৰ লোকজনে ডেম-৯৯৯ (Dam 999) নামৰ এখন হিন্দী ছবি নিৰ্মান কৰি এনে দুৰ্যোগৰ এটা ইংগিত দি জনসাধাৰণক সজাগ কৰাৰ এটা চেষ্টা কৰিছিল৷ চিনেমাখনে কেৰালাৰ সপক্ষে মত পোষন কৰিছে বুলি তামিলনাডু চৰকাৰে ছবিখনৰ প্ৰদৰ্শন তামিলনাডুত বন্ধ কৰি দিছিল৷ একোটা বাস্তৱ সমস্যাক ৰাজনীতিয়ে কেনেকৈ ভ্ৰূক্ষেপ নকৰি জনগনলৈ বিপদ মাতি আনে এইয়া যেন তাৰেই এক নমুনা৷ স্বাস্থ্য, শিক্ষা আৰু প্ৰগতিত দেশৰ ভিতৰতে আগবঢ়ি থকা এই ৰাজ্যখনত এতিয়ালৈকে এই দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যাই দুশ অতিক্ৰম কৰিছে৷ গৃহহীন আৰু সা-সম্পত্তি হানি হোৱাৰ পৰিমান জানিবলৈ আৰু কেইটামান দিন লাগিব৷

কালি তিনি বজাত এটা খবৰ আহিল, উদ্ধাৰকাৰীক সাহায্য দিবলৈ অহা বিমান এখনে কন্নুৰ এয়াৰপৰ্টত অবতৰণ কৰিব৷ বিমানকোঠটো সাজু হৈ উঠিবলৈ এতিয়াও আৰু অন্ততঃ এমাহ সময় বাকী, এৰোড্ৰোম লাইচেঞ্চেই পোৱা নাই! এনে অৱস্থাত বিমান অৱতৰণ কৰোৱাটো বিপদজনকেই নহয়, অপৰাধ!
-          ৰাণ ৱে ?
-          ৰাণ ৱে’টো সজা হৈ গৈছে৷
-          এয়াৰ নেভিগেচন ফেচিলিটি?
-          পৰীক্ষা-নিৰীক্ষা চলি আছে, ওপৰৰ পৰা তললৈ কথা পাতিব পৰাৰ সুবিধা আৰু এয়াৰ পৰ্টটোলৈ আহিব পৰা সুবিধা দুয়োটাই সাজু হৈছে কিন্তু আই-এল-এচ (ILS) নামৰ অৱতৰণ কৰিব পৰা সুবিধাটো এতিয়াও সাজু হোৱা নাই!
-          ৰাণ ৱে’-টো সাজু কৰা, আমি আহি আছো৷

নৌ-সেনা বিভাগৰ স্বয়ং পাইলটজনে ফোন কৰি ক’লে৷ যুদ্ধকালীন ক্ষীপ্ৰতাৰে দৌৰা-দৌৰি আৰম্ভ হ’ল৷ আৰু সঁচাকৈয়ে, আবেলি ছয় বজাৰ আগে আগে নৌ-সেনা বিভাগৰ সৰু চেহেৰাৰ বিমান এখন আহি সৰৱ-নতুন এয়াৰপৰ্টটোত প্ৰথম প্ৰথম লেণ্ড কৰিলেহি! খকুৱালৈ পাত কাটোতে নিখকুৱাই মাটিতে খালেহি!
বহু শুভাকাঙ্খীয়ে ফোন কৰি সুধিছে – ভালে আছনে?
হোটেলত ভাজি পাচলি কমি আহিছে৷ কেৰালালৈ আহিব লগা শ শ ট্ৰাক ৰাস্তাত ৰৈ আছে, পথ মেৰামতি হোৱালৈ৷ আহত দুৰ্গত জনৰ লগত মিলি ভাল দিন অহালৈ আমি সকলোৱে বাট চাই আছোঁ৷ আৰু আটাইতকৈ আনন্দৰ কথা, আজি পুৱাৰ পৰা ৰ’দ ওলোৱা আৰম্ভ হৈছে৷ হাস্য ৰস অহা সংখ্যালৈ থ’লো৷

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-